নলবাৰীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ সাতদিনীয়া কৰ্মবিৰতি পালন

 10/03/2019 - 16:20

নলবাৰীঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতো নলবাৰীতো পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীয়ে সাতদিনীয়াকৈ পালন কৰিছে কৰ্মবিৰতি।

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদ, অসমৰ উদ্যোগত ৰূপায়িত এই প্ৰতিবাদী কাৰ্য্যসুচী নলবাৰীৰ জিলা পৰিষদৰ কাৰ্যালয়ত ৰূপায়ণ কৰা হয়।

চাকৰি সুনিশ্চিতকৰণৰ লগতে নিয়মীয়াকৰণ, চাকৰি নিয়মীয়াকৰণ নোহোৱালৈকে নিয়মীয়া কৰ্মচাৰীসকলে লাভ কৰা দৰমহা সমহাৰত দৰমহা প্ৰদান আদি বিভিন্ন দাবীৰ সমৰ্থনত কৰ্মচাৰীসকলে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্য্যসুচী।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।