বাক্সাত ড্ৰাইভাৰ সন্থাই নিৰ্মাণ কৰিলে কালভাৰ্টৰ সৈতে এটি ভগ্ন পথ

 10/04/2019 - 13:15

খাৰিজা বিজনীঃ ঠিকাদাৰৰ ওপৰত আস্থা হেৰুৱাই হাতে-কামে লাগি মেৰামতি কৰিলে কালভাৰ্টৰ সৈতে এটি ভগ্ন পথ৷ বাক্সা জিলাৰ বৰপেটাৰোড বাৰাপেটা মিলনবজাৰ সংযোগী মুখ্য পথটোৰ হাকুৱা নৈৰ ওপৰত থকা ভগ্ন কালভাৰ্টটো মেৰামতি কৰি যাতায়তৰ উপযোগী কৰি তোলে খাৰিজা বিজনী অঞ্চলৰ গাড়ীচালক সন্থাই৷

অঞ্চলটোৰ প্ৰায় ২০ গৰাকী গাড়ীচালকে হাতে-কামে লাগি কালভাৰ্টৰে সৈতে পথটো মেৰামতি কৰাত ৰাইজে সন্তোষ প্ৰকাশ কৰে৷ উল্লেখ্যযে এইস্থানত থকা পূৰ্বৰ জৰাজীৰ্ণ কাঠৰ দলংখন ভাগি পকীদলং নিৰ্মাণৰ বাবে চৰকাৰে আৱন্তন দিছিল ধন৷ কিন্ত উপযুক্ত বিকল্পপথ অবিহনে ঠিকাদাৰে পূৰ্বৰ দলংখন ভাগি দিয়া বাবে পনবন্দী হৈ পৰে অঞ্চলটোৰ হাজাৰ হাজাৰ ৰাইজ৷

বিকল্পপথ হিচাপে অতি নিম্ন মানদণ্ডৰ এখন বাঁহৰ সাঁকো নিৰ্মাণ কৰি দিছিল যদিওঁ জৰাজীৰ্ণ সাঁকোখনেৰে পাৰ হ'ব নোৱাৰে চাৰিচকীয়া বাহন৷ ইফালে এবছৰ উকলি যোৱাৰ পিছতো পকী দলংখনৰ সামান্য অংশও নিৰ্মাণ নকৰাত ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি শীঘ্ৰেই দলঙখন নিৰ্মাণ কৰাৰ লগতে উপযুক্ত বিকল্প পথটো নিৰ্মাণ কৰি দিবলৈ দাবী জনায়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।