ডুমডুমাৰ গুলীচালনা ঘটনাৰ নতুন মোৰ

 10/04/2019 - 15:28

ডুমডুমাঃ ডুমডুমাৰ বাঘজান থানাৰ জকাইচোক গাঁওত হোৱা গুলীচালনা ঘটনাৰ নতুন মোৰ লৈছে। বাঘজান আৰক্ষীয়ে জানিবলৈ দিয়ামতে গুলী চালনাৰ ঘটনাত জড়িত ৰমেন মৰাণ আৰু গুলীবিদ্ধ জীতুল মৰাণ বহুদিনৰ পৰা অঞ্চলটোত সংঘটিত বিভিন্ন অসামাজিক কাৰ্যত জড়িত আৰু তেওঁলোকৰ বিৰুদ্ধে কেইবাটাও ঘটনাৰ অভিযোগ আছে।

জানিবলৈ পোৱামতে তেওঁলোকৰ মাজত অসামাজিক কাৰ্যৰদ্বাৰা আর্জিত ধনৰ লেনদেন সংক্ৰান্তত মনোমালিন্য হোৱাত এই গুলীচালনা ঘটনাৰ সংঘটিত হৈছে। আৰক্ষীয়ে বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।