ৰাইদঙীয়াত পথ দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত মহিলা

 10/05/2019 - 17:59

বটদ্ৰৱাঃ নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত ৰাইদঙীয়াত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এগৰাকী মহিলা গুৰুতৰভাৱে আহত হয়। প্ৰাপ্ত খবৰ অনুসৰি শনিবাৰে বিয়লি ৩ বজাত নগাঁও - ধিং সংযোগী গড়কাপ্তানি পথেৰে তীব্ৰ বেগত আহি থকা নম্বৰ প্লেটবিহীন এখন টেম্প'য়ে এচ ০১ বি বি ৬৭৭৫ নম্বৰৰ মটৰ চাইকেলখনত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰি নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে।

লগে-লগে স্থানীয় ৰাইজৰ সহযোগত গুৰুতৰভাৱে আহত টেম্প' আৰোহী আপছানা খাতুনক সংকটজনক অৱস্থাত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে। আনহাতে দুৰ্ঘটনা সংঘটিত কৰিয়েই টেম্প'ৰ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।