কামপুৰত গঢ়ি উঠা বালি চিণ্ডিকেটৰ বিৰুদ্ধে তীব্ৰ হুুংকাৰ অনুসূচীত জাতিৰ যুৱছাত্ৰ পৰিষদৰ

 10/06/2019 - 12:15

কামপুৰঃ কামপুৰত গঢ়ি উঠা বালি চিণ্ডিকেটৰ বিৰুদ্ধে তীব্ৰ হুঙ্কাৰ দিছে অনুসূচীত জাতিৰ যুৱ ছাত্ৰ পৰিষদে। পৰিষদৰ সভাপতি ৰুবুল দাসে বালি মাফিয়াৰ বিৰুদ্ধে বনবিভাগে ব্যৱস্থা ল’ব নোৱাৰা কাৰ্যক কথোৰ ভাষাৰে সমালোচনা কৰে। উল্লেখ্য যে কামপুৰ বন আঞ্চলিক কাৰ্যালয়ৰ বিভিন্ন এলেকাত বালি মাফিয়াই তাণ্ডৱ চলাই আহিছে।

বিশেষ কামপুৰৰ বৰপানী আৰু কপিলী নৈত মেচিনৰে বালিতোলা ফলত দুয়োখন নদীৰ প্ৰাকৃতিক ভাৰসাম্যলৈ গভীৰ সংকত নামি আহিছে। কপিলী নৈত কাকতিগাওঁ; মাগুৰগাওঁ বকুলগুৰিত পঞ্চাচৰো অধিক মেচিনৰে বালি সংগ্ৰহ কৰি থকাৰ পিছটো বনবিভাগে পদক্ষেপ হাতত পৰা নাই বুলি মন্তব্য কৰে যুৱনেতাজনে। ৰুবুল দাসে ইয়োকো কয় যে মেচিনৰে বালি তুলাৰ অভিযোগ উঠিলে বন বিভাগে অভিযান চলাই যদিও ৰহস্যজনকভাৱে বনবিভাগৰলোক উপস্থিত হোৱাৰ আগতেই অন্তৰ্ধান হয় বালি তুলাৰ মেচিনবোৰ।

এইক্ষেত্ৰত বালিমাফিয়াৰে কামপুৰৰ বনবিষয়া বিনোদ বিহাৰী সিং ৰ গোপন সম্পৰ্ক থকা বুলি কয় ৰুবুল দাসে। ইফালে একেখন চালানতে কেইবাৰো বালি নিয়া আৰু বনবিভাগৰ নিয়ম উলংঘা কৰি বালি ট্ৰাকবোৰত অধিক পৰিমানে বালি কঢ়িয়াই নিয়া বুলি অভিযোগ কৰে ৰুবুল দাসে। বনবিভাগৰ নীতি নিয়ম উলংঘা কৰি অধিক ট্ৰাকত অধিক পৰিমানে বালি কঢ়িওৱাৰ ফলত বহুগ্ৰাম্য অঞ্চলৰ পথ ভাঙি চুৰমাৰ হৈছে।যাৰ বাবে তীব্ৰ সমস্যাৰ সন্মুখীন হৈছে গ্ৰাম্যঅঞ্চলৰ লোকসকল। কিন্ত এইবোৰ দেখিও বনবিষয়া গৰাকীয়ে নেদেখা ভাওঁ ধৰা অভিযোগ কৰিছে ৰুবল দাসে।

বনবিভাগত চলি থকা বালিচিণ্ডিকেটত বনবিভাগৰ কামপুৰৰ বনবিভাগৰ বিষয়াগৰাকীৰ পৰা্ বনমন্ত্ৰী জনলৈকে জড়িত থকাৰ অভিযোগ কৰিছে ৰুবুল দাসে। তেওঁ কামপুৰত চলি থকা এই বালি চেণ্ডিকেট ৰাজ্যৰ এক উচিত তদন্ত দাবী কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।