বৰপেটাত ম্যাদ উকলি যোৱা যান-বাহনৰ ওপৰত জৰিমনা আৰোপ লৈ জনতাৰ মাজত বিৰূপ প্ৰতিক্ৰিয়া

 10/06/2019 - 14:52

বৰপেটাঃ বৰপেটা চহৰত সংঘটিত হৈছে এক আজৱ ঘটনা। নতুন যান-বাহন আইন প্ৰযোজ্য হোৱাৰ পিছত হাহাকাৰ সৃষ্টি হৈছে যান বাহনৰ গৰাকী সকলৰ মাজত। ইয়াৰে পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে এচাম অসাধু চক্ৰয়। বৰপেটা চহৰৰ উত্তৰ বৰপেটা পেট্ৰল পাম্পৰ লগত সংলগ্ন এটি প্ৰদূষণ মাপক কেন্দ্ৰত সংঘটিত হৈছে এই দুৰ্নীতি।

নিয়মমতে যান বাহনৰ প্ৰদূষণ সম্পূৰ্ণ পৰীক্ষা-নিৰিক্ষা কৰাৰ পিছতহে একপ্ৰকাৰ যান-বাহনৰ প্ৰদূষণৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। কিন্ত হঠাৎ এখন জাননীয়ে জনসাধাৰণৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। কোনো ধৰণৰ নীতি নিৰ্দেশনা নোহোৱাকৈ ম্যাদ উকলা বাহন সমূহৰ ওপৰত জৰিমনা আৰোপ কৰে।

ইয়াকে লৈ নিজৰ যান-বাহন সমূহৰ প্ৰদূষণৰ প্ৰমাণপত্ৰ লবলৈ অহা লোকসকল বিমোৰত পৰে। অৱশেষত জনসাধাৰণৰ ক্ষোভৰ বিস্ফোৰণ ঘটি প্ৰদূষণ মাপক কেন্দ্ৰৰ স্বত্ত্বাধীকাৰী ৰফিকুল ইছলামক জৱাবদিহি কৰে। স্বত্ত্বাধীকাৰী ৰফিকুল ইছলামে কোনো সূংসুত্ৰ দিব নোৱাৰাত ৰাইজে তেওঁক পণবন্দী কৰি উপায়ুক্তৰ কাষলৈ নিয়ে। পৰৱৰ্তী সময়ত বৰপেটা জিলা ৰাজহচক্ৰ বিষয়া পল্লৱী গগৈয়ে বিষয়টোত হস্তক্ষেপ কৰি চৰকাৰী কোনো নীতি নিৰ্দেশনা নহালৈকে উক্ত প্ৰদূষণ মাপক কেন্দ্ৰটো বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।