মানকাচৰ ঝগৰাচৰৰ পৰা ২৪টা চোৰাং গৰু জব্দ

 10/07/2019 - 20:06

হাটশিঙিমাৰীঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত ভাটি ঝগৰাৰচৰ গাঁওত যোৱা নিশা গোপন সূত্ৰৰ পম খেদি মানকাচৰ আৰক্ষীয়ে অভিযান চলায়। বাংলাদেশলৈ চোৰাং গৰু চালান দিয়ৈৰ সময়তে আৰক্ষীয়ে ২৪টা গৰু জব্দ কৰিবলৈ সক্ষম হয়। শাৰদীয় দুৰ্গোৎসৱৰ মাজত আৰক্ষীয়ে ৰাইজৰ নিৰাপত্তাত নিয়োজিত হৈ থকাৰ সুযোগ লৈ একাংশ চোৰাং গৰু সৰবৰাহকাৰীয়ে বাংলাদেশলৈ চোৰাংকৈ গৰু সৰবৰাহ কৰাৰ সুযোগ লৈছিল। মানকাচৰ থানাৰ আৰক্ষীয়ে আগতীয়াকৈ খবৰ পাই উক্ত ঠাইত অভিযান চলাই ২৪টা গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও চোৰাং গৰু সৰবৰাহকাৰীসকলে পলাই যাবলৈ সক্ষম হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।