সৰুপেটাত সাংবাদিক কৃষ্ণ ডেকা সোঁৱৰণী কথা কবিতা আৰু সুৰৰ কোলাহল শীৰ্ষক অনুষ্ঠান

 10/07/2019 - 21:25

বজালীঃ দূৰ্গোৎসৱৰ মাজতে ভৱানীপুৰ প্ৰেছ ক্লাৱৰ উদ্যোগত আৰু "অনুৰাগ সাহিত্য আলোচনী"ৰ সহযোগত শিল্পী নাৰায়ণ ৰামচিয়াৰী সাংবাদিক কৃষ্ণা ডেকা সোঁৱৰণী মঞ্চত শৰৎ উৎসৱত কথা কবিতা আৰু সুৰৰ কোলাহল শীৰ্ষক চতুৰ্থ বৰ্ষৰ বাবে এখনি কথা কবিতা সুৰৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত মুখ্য অতিথি ৰূপে থাকে কবি ডক্টৰ মৰমী বৰঠাকুৰ, সাহিত্য একাডেমী যুৱ বটা প্ৰাপক কবি পূৰ্ণ ব্ৰহ্ম, অসমীয়া প্ৰতিদিন কাকতৰ উপ সম্পাদক অঞ্জন কুমাৰ শৰ্মা, আনন্দৰাম বৰুৱা একাডেমীৰ ৰেক্টৰ ড° ৰনজিৎ ডেকাকে ধৰি আন বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানত বহুতো কবি শিল্পী, কলা-কুশলীক সম্বৰ্ধনা জনোৱাৰ লগতে বটাও প্ৰদান কৰা হয়। "অনুৰাগ সাহিত্য বটা" জেপোলিন ৰাজকুমাৰী, "কাব্য সাধক বটা" অনুপ কুমাৰ পাটৱাৰী, সমীৰন নয়ন কীৰ্তিকাৰ আৰু "নিষ্ঠাৱান কাব্য চৰ্চাকাৰী বটা"- দীপালিমা দত্ত, স্মৃতিৰেখা দাস, মীনা তালুকদাৰ আৰু ৰীনা দেৱীক এই বটা প্ৰদান কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।