যোগীঘোপাত অশোক কাগজকলৰ ২২৫০ বিঘা মাটি বেদখল মুক্ত কৰাৰ দাবীত এজিৱাইচিপিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন

 10/10/2019 - 17:56

যোগীঘোপাঃ ঐতিহাসিক অসম চুক্তিৰ ফচল হিচাপে অশোক কাগজকল স্থাপন কৰা হৈছিল যদিও দীৰ্ঘদিনৰ পৰা বন্ধ হৈ থকাৰ ফলত সম্প্ৰতি হাবি-জংঘলৰে আগুৰি ধৰাৰ লগতে জহি খহি গৈছে। এছিয়া মহাদেশৰ ভিতৰত উন্নতমানৰ কাগজ উৎপাদন কৰা কলটো ১৯৭০ চনৰ ৩ অক্টোবৰত প্ৰধান ইন্দিৰা গান্ধীয়ে কলটো স্থাপন কৰাৰ পাছত ১৯৭২ চনত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি ১৯৭৭ চনৰ পৰা উৎপাদন আৰম্ভ হৈছিল।

কিন্ত ৮৫৫জন শ্বহীদৰ ত্যাগৰ বিনিময়ত নিৰ্মাণ কৰা কলটোক ১৯৮৩ চনৰ পৰা ৰহস্যজনক কাৰণত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। ফলত কাগজকলটোৰ শ্ৰমিক হিচাপে কেইবাশ লোক নিবনুৱা হৈ পৰাৰ লগতে তেওঁলোকৰ পৰিয়াললৈ ঘোৰ অমানিশা নামি আহিছিল। কলটো বন্ধ হোৱাৰ প্ৰায় আঠবছৰ পাছত হায়দৰাবাদৰ সাংঘি টেক্সটাইল লিমিটেডক বুজাবুজিৰ চুক্তিৰে কলটো লীজত দিয়া হয় যদিও সাংঘিয়ে কলটোক পুনৰ উজ্জীৱিত কৰাৰ নামত লুণ্ঠন চলোৱাৰ অভিযোগত অসম চৰকাৰে নিজৰ হাতলৈ নি পুনৰ ২০০০ চনত কলিকতাৰ এটা প্ৰতিষ্ঠানক লীজত দিয়ে।

কিন্ত কুঠাৰী নামৰ অখ্যাত প্ৰতিষ্ঠানটোৱে কলটো চলাব নোৱাৰি নাটকীয়ভাবে পলায়ন কৰাত চাৰি শতাধিক কৰ্মচাৰীৰ পৰিয়ালৰ দূৰ্বিষাহ জীৱন আৰম্ভ হোৱাৰ লগতে আৰ্থিক অনাতনত ভুগি বহু কেইগৰাকী কৰ্মচাৰীয়ে আত্মহত্যাৰ পথ বাছি লয়। আনপিনে অশোক কাগজকলৰ ২২৫০ বিঘা ভূমি বেদখল আৰু অশোক কাগজকলৰ চৌহদত হৈ থকা কাম পূৰ্ণ গতিত সমাপ্ত কৰাৰ বাবে অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদ যোগীঘোপা আঞ্চলিক সমিতিয়ে ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।