নগাঁৱৰ কঠিয়াতলিৰ ৰাঙলুত গুলীচালনা

 10/10/2019 - 20:18

নগাঁওঃ দুৰ্বৃত্তই পেট্ৰ'ল পাম্পৰ মেনেজাৰক গুলীয়াই লুট কৰিলে ধন। ৰাঙলুৰ এইছপি(HP) পেট্ৰ'ল পাম্পৰ সন্মুখত সংঘটিত হৈছে এই ঘটনা৷ তিনিখনকৈ মটৰ চাইকেলত আহিছিল গুলীচালনা কৰা ছয়জনীয়া দুৰ্বৃত্তই৷ গুলীচালনাত গুৰুতৰভাবে আহত পেট্ৰ'ল পাম্পৰ কৰ্মচাৰীজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। পাম্পৰ মালিকক টকা দিবৰ বাবে নগাঁও আহিবলৈ গাড়ীৰ বাবে ৰৈ আছিল মেনেজাৰ ৰাজু জৈন। উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।