‘ৰত্নাকৰ’ লৈ মৰাণবাসী ৰাইজৰ অভূতপূৰ্ব সঁ‌হাৰি

 10/11/2019 - 15:58

খোৱাংঃ  ক্ৰমাৎ যেন ভাল দিন আহিব ধৰিছে অসমীয়া বোলছবি জগতলৈ। জুবিন গাৰ্গ পৰিচালিত ‘কাঞ্চনজংঘাৰ’ অভূতপূৰ্ব সঁ‌হাৰিৰ পিছত শুকুৰবাৰে শুভমুক্তি প্ৰাপ্ত যতিন বৰাৰ পৰিচালিত ‘ৰত্নাকৰো’ অসমবাসী ৰাইজৰ বিপুল সঁ‌হাৰি পোৱাৰ পৰিলক্ষিত হৈছে।

মৰাণৰ হাউচফুল টকিচত ‘ৰত্নাকৰ’ উপভোগ কৰিবলৈ অহা বহুলোক শুকুৰবাৰে ঘূৰি যাব লগা হয়। কাৰণ হাউচফুল টকিচত টিকট নাই। চিনেমা হ'লটোৰ স্বত্বাধিকাৰীয়ে জানিবলৈ দিয়া মতে চাৰিদিনৰ বাবে ইতিমধ্যে টিকট বুক হৈ গৈছে। চাৰিদিনৰ পিছতহে ৰাইজে টিকট লব পাৰিব।

ইফালে চিনেমাখন উপভোগ কৰি ওলাই অহা দৰ্শকসকলে সাংবাদিকক জনোৱা মতে প্ৰেম আৰু একচন সমৃদ্ধ চিনেমাখনে সমাজলৈ এটা সুন্দৰ বাৰ্তাও দিবলৈ চেষ্টা কৰিছে। অসমীয়া বোলছবি জগতৰ বেয়া দিন চলি থকাৰ সময়তে অসমবাসী ৰাইজৰ মাজত পুনৰ অসমীয়া বোলছবিয়ে ইতিবাচক সঁ‌হাৰি পোৱাটো সঁ‌চাকৈয়ে শুভলক্ষণ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।