মৰিগাঁৱত মহিলা গৃহৰক্ষী আৰু আশাকৰ্মীৰ মাজত চুলিয়া-চুলি

 10/12/2019 - 13:32

মৰিগাঁৱঃ মৰিগাঁৱত মহিলা গৃহৰক্ষী আৰু আশাকৰ্মীৰ মাজত চুলিয়া-চুলি। প্ৰসূতিক লৈ যোৱা আশাকৰ্মীক কামুৰিলে মহিলা গৃহৰক্ষীয়ে। শুকুৰবাৰে মৰিগাঁও অসামৰিক চিকিৎসালয়ত মৰিগাঁও চহৰৰ মৰিমুছলমান গাঁৱৰ ৭নং ৱাৰ্ডৰ আশাকৰ্মী জানবাহৰ বেগমে এগৰাকী প্ৰসূতি মাতৃক নিয়াৰ সময়তে চিকিৎসালয়ত মহিলা গৃহৰক্ষীয়ে তামোল খাই চিকিৎসালয়ত প্ৰবেশ নকৰিবলৈ বাধা দিয়ে।

মনোৰমা দাস আৰু মাতু দেৱীৰ সৈতে প্ৰথমে তৰ্ক বিতৰ্ক তাৰ পিছত চুলিয়া চুলি আৰু শেষত মাটিত বগৰা বাগৰি লাগিল আশাকৰ্মীৰ আৰু মহিলা গৃহৰক্ষী মাজত। আনহাতে উত্থাপিত অভিযোগ মতে সহযোগ কৰিলে মহিলা গৃহৰক্ষী মাতু দেবীৰ স্বামী। উপায়ন্ত হৈ বাহুত কামুৰি মাংস এৰাই লৈ যায়। লগে লগে চিকিৎসালয়ত থকা আশাকৰ্মীসকল সমবেত হৈ অভিযোগ দিলে চিকিৎসালয়খনৰ অধীক্ষকক। ইফালে ঘটনাৰ প্ৰত্যক্ষ কৰি এই গৰাকী নাৰ্ছে এৰুৱাই দিবলৈ আগুৱাই যায় যদিও বিফল হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।