বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীৰ জালত পৰিছে ব্ৰাউন চুগাৰসহ এটা ড্ৰাগছ ব্যৱসায়ী

 10/12/2019 - 13:47

বৰপেটাঃ নিষিদ্ধ ড্ৰাগছৰ ঘাটিত পৰিণত বৰপেটা জিলাৰ বিভিন্ন অঞ্চল। বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীৰ জালত পৰিছে সন্দেহযুক্ত ব্ৰাউন চুগাৰসহ এটা ড্ৰাগছ ব্যৱসায়ী। ধৃত ড্ৰাগছ ব্যৱসায়ীটো তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চনেট্টাৰী গাঁৱৰ ৰফিকুল ইছলাম বুলি জানিব পৰা গৈছে।

তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাসৰ নেতৃত্বত গোপন খবৰৰ ভিত্তিত এটি আৰক্ষীৰ দলে ৰফিকুল ইছলামৰ বাসগৃহত নিশা অভিযান চলাই 607গ্ৰাম সন্দেহযুক্ত ব্ৰাউন চুগাৰ আৰু দুটা কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

জব্দ কৰা ব্ৰাউন চুগাৰখিনিৰ আন্তৰ্জাতিক আনুমানিক মূল্য 36 লাখ হ'ব বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। ধৃত ৰফিকুল ইছলামৰ বিৰুদ্ধে তাৰাবাৰী আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।