পুত্ৰৰ মোহত অন্ধ হৈ পৰিছে তৰুণ গগৈ: হিমন্ত বিশ্ব

 04/10/2019 - 14:24

ৰঙিয়া: মঙ্গলদৈ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দীলিপ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি মঙলবাৰে ৰঙিয়া ক্ৰীড়া সন্থাৰ খেল পথাৰত এখন জনসভাত উপস্থিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মন্ত্ৰীগৰাকীয়ে আবেলি ৪ বজাত জনসভাত উপস্থিত হৈয়ে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক আক্ৰমণৰ লক্ষ্য কৰি লয়।

মন্ত্ৰী শৰ্মাই তেওঁৰ ভাষণত কয় যে, পুত্ৰৰ মোহত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সম্প্ৰতি অন্ধ হৈ পৰিছে। গগৈৰ এতিয়া পৰম মিত্ৰ বদৰুদ্দিন আজমল৷ পুত্ৰৰ মোহত অন্ধ হৈ ধৃতৰাষ্ট্ৰই যেনেদৰে কৌৰৱৰ পতন মাতি আনিছিল তেনেদৰে তৰুণ গগৈয়েও পুত্ৰক নিৰ্বাচনত জিকোৱাৰ স্বাৰ্থত এতিয়া ৰাজ্যখনক বাংলাদেশীৰ হাতত গতাব বিচাৰিছে৷

কংগ্ৰেছৰ শাসন কালত ৰাজ্যখনত সূতা, কম্বল, আঁঠুৱা আৰু লুঙী-ধুতীৰ বাদে আন কোনো আঁচনি নাছিল বুলি মন্তব্য কৰি মন্ত্ৰী শৰ্মাই কয় যে, বিজেপিৰ শাসন কালত ৰাজ্যখনে আজি সৰ্বদিশতে উন্নয়নৰ পথত আগবাঢ়িছে ৷ কংগ্ৰেছৰ দিনত বিদ্যুতৰ পৰা বঞ্চিত হৈ থকা ২৭ হাজাৰখন গাঁৱত বিদ্যুৎ সংযোগৰ ব্যৱস্থা হ’ল৷

প্ৰধানমন্ত্ৰীৰ উজলা আঁচনিৰ জৰিয়তে দেশৰ দৰিদ্ৰ মহিলাই ৰন্ধন গেছৰ সংযোগ লাভ কৰিলে৷ কংগ্ৰেছৰ দিনত যিসমূহ আত্মসহায়ক গোটে বছৰত মাথোন ৫ হাজাৰ টকা পাইছিল সেইসমূহে বিজেপিৰ দিনত ২৫ হাজাৰ টকা লাভ কৰিলে৷ এই আত্মসহায়ক গোটসমূহে বছৰটোৰ ভিতৰতে আৰু ২৫ হাজাৰকৈ টকা লাভ কৰিব৷

অটল অমৃৃত যোজনাৰ জৰিয়তে অসমৰ ৰাইজে ২ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়াৰে পৰা দুৰ্ঘটনাত পতিত লোকেও এই যোজনাৰ অধীনত বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব পাৰিব। ৰাজ্যসভাৰ সাংসদ তথা মংগলদৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাই বিগত সময়ত সাংসদ পুঁজি হিচাপে লাভ কৰা ২৫ কোটি টকা ক’ত খৰচ কৰিলে বুলিও প্ৰশ্ন উত্থাপন কৰে শৰ্মাই।

ভূৱনেশ্বৰ কলিতাক এতিয়া বিশ্ৰামৰ প্ৰয়োজন বুলি কয় মন্ত্ৰী শৰ্মাই৷ নিৰ্বাচনী জনসভাখনত অসম চৰকাৰৰ মন্ত্ৰী ভৱেশ কলিতা আৰু প্ৰাৰ্থী দিলীপ শইকীয়াও উপস্থিত আছিল৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।