ধুবুৰীত বনৰৌসহ দুজন চোৰাং চিকাৰী আটক

 10/13/2019 - 16:10

ধুবুৰীঃ ধুবুৰী জিলাৰ গোলকগঞ্জৰ ভিতৰুৱা অঞ্চলত আৰক্ষীয়ে অভিযান চলাই দুজন চোৰাং চিকাৰীৰ লগতে এটা বনৰৌ উদ্ধাৰ কৰে৷ চোৰাং চিকাৰী দুজন ক্ৰমে ছামছুল হক আৰু জিয়াৰুল হক বুলি জানিব পৰা গৈছে৷ আৰক্ষীৰ মতে বনৰৌটো পশ্চিমবংগৰ ঘন জংঘলৰ পৰা আনিছে বিক্ৰী কৰিবৰ বাবে।

কিন্তু গোপনসূত্ৰৰ ভিত্তিত গোলকগঞ্জ থানাৰ আৰক্ষীয়ে বনৰৌটোৰ লগতে দুজন চোৰাং চিকাৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে বনৰৌটো ধুবুৰী বন সংমণ্ডল প্ৰাধিকৰণ কাৰ্যালয়ত সমজাই দিয়ে। বৰ্তমানে ধুবুৰী আৰক্ষীয়ে চোৰাং চিকাৰী দুজনৰ বিৰুদ্ধে তদন্ত আৰু জেৰা অব্যাহত ৰাখিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।