হাজোৰ চৰত শিক্ষকক হানি খুচি হত্যা

 10/13/2019 - 16:37

হাজোঃ হাজোৰ গাঁওবুঢ়া পাম চৰত নৃশংস হত্যাকাণ্ড। এজন শিক্ষকক হাত ভৰি বান্ধি হানি খুচি নৃশংসভাৱে হত্যা কৰিলে দুৰ্বৃত্তই। ব্ৰহ্মপুত্ৰৰ পাৰত উদ্ধাৰ হৈছে শিক্ষক প্ৰদীপ কলিতাৰ ক্ষত-বিক্ষত মৃতদেহ। শিক্ষকজনৰ ঘৰ মৰিগাঁও জিলাত। বিগত বহু বছৰ ধৰি ইন্দিৰা গান্ধী প্ৰাথমিক বিদ্যালয়ত ভাৰতীয়া শিক্ষক হিচাপে কাম কৰিছিল প্ৰদীপ দাসে।

শিক্ষককজনক নৃশংসভাৱে হত্যা কৰি ব্ৰহ্মপুত্ৰত পেলাই দিয়া ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কোনে কি কাৰণত শিক্ষকজনক হত্যা কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কিন্তু এই হত্যাকাণ্ডই উন্মোচিত কৰিছে একাংশ চৰকাৰী বেটনভুগি শিক্ষকৰ মিথ্যাচাৰ। হত্যাৰ বলি হোৱা প্ৰদীপ দাসৰ দৰে শিক্ষকক ভাড়াতীয়া শিক্ষক হিচাপে বিদ্যালয়ত নিজাববীয়াকৈ নিয়োগ কৰি ঘৰতে বহি দৰমহা খাই একাংশ শিক্ষকে।

সেয়া যিয়ে নহওঁক বিগত বহু বছৰ ধৰি দুৰ্গম চৰ অঞ্চলত শিশুক মানৱ সম্পদ গঢ়িবলৈ মৰিগাঁওৰ পৰা অশেষ কষ্ট স্বীকাৰ কৰি শিক্ষকতা কৰা শিক্ষক প্ৰদীপ দাসৰ হত্যাকাণ্ডত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইতিমধ্যে শুৱালকুছি নদী আৰক্ষীয়ে উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।