নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বটদ্ৰৱাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সজাগতা সভা

 10/13/2019 - 17:51

বটদ্ৰৱাঃ "জাতীয় নায়কৰ সাজ পিন্ধি জাতি-মাটি-ভেটিৰ কথা কোৱা মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ ক্ষেত্ৰত নিমাতী কইনাৰ ভূমিকা গ্ৰহণ কৰিছে। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ বিৰুদ্ধে সৰ্বানন্দ সোনোৱালে যদিহে মাত নামাতে, বা ৰাইজৰ পক্ষত থিয় নিদিয়ে তেন্তে অসমীয়া জাতিয়ে এসময়ত জাতিৰ নায়ক হিচাপে স্বীকৃতি দিয়া সৰ্বানন্দ সোনোৱালক খেদি-খেদি ইয়াৰ প্ৰত্যুত্তৰ দিব"-এই মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজ্যিক সভাপতি ৰাজু বৰাৰ।

বিশিষ্ট সমাজসেৱক আবুল কাসেমৰ সভাপতিত্বত দেওবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বটদ্ৰৱা আঞ্চলিক সমিতিৰ উদ্যোগত বাটমাৰী জ্ঞানদীপ জাতীয় বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হোৱা নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অনুষ্ঠিত সজাগতা সভাত বৰাই লগতে কয় যে, "বিজেপি, আৰএছএছয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি হিন্দু-মুছলমানৰ মাজত ভাগ-ভাগ কৰি অসমীয়া জাতি, ভাষা, সংস্কৃতি নি:শেষ কৰিবলৈ বিচাৰিছে। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কেতিয়াও নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নলয়। হিন্দুৱে হওঁক বা মুছলমানেই হওঁক সকলোৱে মিলি অসমীয়া হিচাপে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত তীব্ৰ সংগ্ৰাম গঢ়ি তুলিব লাগিব"।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বটদ্ৰৱা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক আক্রাম হুছেইনে উদ্দেশ্য ব্যখ্যা কৰা সজাগতা সভাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক নীলমনি শইকীয়া, নগাঁও জিলা সমিতিৰ সভাপতি ইফতিকাৰ ৰহমানেও ভাষণ প্ৰদান কৰে। সভাত বিশিষ্ট সমাজসেৱক ইক্রাম হুছেইন লস্কৰ, বটদ্ৰৱা আঞ্চলিক সমিতিৰ সভাপতি ইমাম উদ্দিন, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিৰ বিষয় ববীয়াৰ লগতে শতাধিক লোক উপস্থিত আছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।