সমন্বয়-সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই কামপুৰত উপস্থিত খিলঞ্জীয়া জনগোষ্ঠীয় গণচেতনা মহাসভাৰ চাইকেল শোভাযাত্ৰীকাৰী দল

 10/13/2019 - 18:01

কামপুৰঃ অসমীয়া জাতিৰ খিলঞ্জীয়া লোকসকলৰ অস্তিত্ব ৰক্ষাৰ অৰ্থে তথা সমন্বয় আৰু সম্প্ৰীতি অক্ষুণ্ণ ৰখাৰ মহান উদ্দেশ্য আগত লৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ খিলঞ্জীয়া জনগোষ্ঠীয় গণচেতনা মহাসভাই আৰম্ভ কৰা চাইকেল শোভাযাত্ৰাৰ দুজনীয়া এটা দল দেওবাৰে পুৱাই কামপুৰত উপস্থিত হয়হি।

শোভাযাত্ৰাৰ দলটি কামপুৰত উপস্থিত হোৱাৰ পিছতে কামপুৰৰ সাংবাদিকসকলৰ লগতে সচেতন কেইবাটাও জাতীয় সংগঠনে দলটিৰ দুয়োগৰাকী জাতীয় সচেতনকাৰীক আদৰণি জনায়। ইয়াৰ পিছতে ৰাজ্যিক সাহিত্যিক পেঞ্চনপ্ৰাপ্ত মোলান লস্কৰৰ সভাপতিত্বত কামপুৰ উন্নতি সভা কাৰ্যালয়ত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি খিলঞ্জীয়া জনগোষ্ঠীয় গণচেতনা মহাসভাৰ মূখ্য আহ্বায়ক অনুপ বৰুৱাই অসমত বসবাস কৰা প্ৰত্যেকজন লোকেই অসমীয়া ভাষা শিকিব লাগিব বুলি কৈ অসম সাহিত্য সভাই এইক্ষেত্ৰত অসমৰ সকলো খিলঞ্জীয়া লোকক।

সামৰি অসম সাহিত্য সভা গঠন কৰিব লাগে বুলি মন্তব্য কৰে। গণচেতনা মহাসভাই ২০১৩ চনৰ পৰাই অসমীয়া জাতি সুৰক্ষাৰ বাবে সমন্বয় আৰু সম্প্ৰীতিৰ বাৰ্তা ৰক্ষাৰ্থে কাম কৰি আহিছে বুলি কৈ অনুপ বৰুৱাই ভাৰতৰ সকলো সৰু-বৰ জাতিক একত্ৰিত কৰি এটা জাতীয় পৰিষদ গঠণ কৰাৰ ওপৰতো গুৰুত্ব দিয়ে।

মূখ্য আহ্বায়ক বৰুৱাই লগতে নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰিবলৈ চৰকাৰলৈ আহ্বান জনাই প্ৰত্যেক ৰাজ্যতে ৰাজ্যিক নাগৰিকপঞ্জী হ'ব লাগিব বুলি কৈ দেশৰ সংসদীয় ব্যৱস্থাৰ পৰিবৰ্তন ঘটাই সংবিধান সংশোধন কৰি সমগ্ৰ ভাৰতবৰ্ষত প্ৰকৃত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী কৰে।

সভাখনত সমন্বয়ৰ বাৰ্তা কঢ়িওৱা চাইকেল শোভাযাত্ৰাকাৰী অমৰজ্যোতি বৰুৱা উপস্থিত থকাৰ লগতে সমাজকৰ্মী ঘন বৰুৱা, কমল শইকীয়া, গুণ কাকতি, বিশ্বজিৎ দাস, লেখক ৰেৱত কুমাৰ হাজৰিকা, ৰিণ্টু শৰ্মাকে ধৰি কেইবাজনো ব্যক্তি উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।