ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ তিনিচুকীয়া সমাৰোহলৈ নলবাৰীৰ ১২ জনীয়া শিশু বিজ্ঞানীৰ দল নিৰ্বাচিত

 10/14/2019 - 12:47

নলবাৰীঃ তিনিচুকীয়াত অহা ১ নবেম্বৰৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ ৰাজ্যিক সমাৰোহলৈ নিৰ্বাচিত হৈছে ১২ জনীয়া শিশু বিজ্ঞানীৰ দল। শনিবাৰে নলবাৰী মহাবিদ্যালয়ত সামৰণি পৰা নলবাৰী জিলা সমাৰোহখনিৰ।

প্ৰতিযোগিতাৰ ফলাফল দেওবাৰে ঘোষণা কৰা হয়। জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ পৰা অংশগ্ৰহণ কৰা ১৬২ টা প্ৰকল্পৰ ৩২৪ জন শিশু বিজ্ঞানীয়ে উপস্থাপন কৰা প্ৰকল্পৰ পৰা এই ১২ টা প্ৰকল্প ৰাজ্যিক সমাৰোহৰ বাবে নিৰ্বাচিত কৰা হয়। জিলাখনৰ শৈক্ষিক সমিতিৰ সভাপতি মহানন্দ পাঠক আৰু শৈক্ষিক সমন্নয়ক ড: সমুজ্জ্বল ভৰদ্বাজে জনোৱা মতে নিৰ্বাচিত শিশু বিজ্ঞানীসকল হ'ল অংশুমান ভট্টাচাৰ্য মাখিবাহা হাইস্কুল, অংকিতা দেৱী বিৱেকানন্দ বিদ্যা নিকেতন, টিহু, অনুৰণ মৃণ্ময় শৰ্মা, লিটিল ফ্লাৱাৰ্ছ স্কুল, নলবাৰী, আৰুচি তালুকদাৰ, শঙ্কৰদেৱ শিশু/বিদ্যা নিকেতন, নলবাৰী, ভাবনা কাশ্যপ, ৰাজকদমতল বালিকা বিদ্যাপীঠ, সন্ধা,বিজয় বৰদলৈ, দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয় নলবাৰী, ডেইজী মহন্ত, বালিতাৰা হাইস্কুল,ফৰিদা বেগম, আঞ্চলিক মিলন হাইস্কুল, কাচিমপুৰ,কষ্মিতা শৰ্মা, বিবেকানন্দ বিদ্যা নিকেতন, টিহু, পৰিষ্মিতা ডেকা, বিবেকানন্দ বিদ্যা নিকেতন, টিহু, ৰিদীপ কলিতা, শঙ্কৰদেৱ একাডেমী, নলবাৰী আৰু উৎপল বৰ্মন, ৰাইৎকুছি লোকপ্ৰিয় বৰদলৈ মজলীয়া বিদ্যালয়।

এইসকল শিশু বিজ্ঞানীয়ে ৰাজ্যিক পৰ্যায়ৰ সমাৰোহত জিলা সমন্নয়ক প্ৰদীপ মহন্তৰ নেতৃত্বত অংশগ্ৰহণ কৰিব বুলি এক প্ৰেছ বিবৃতিত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ নলবাৰী জিলাৰ সভাপতি ডঃ দীনমনি ভাগৱতী আৰু জিলা সমন্নয়ক প্ৰদীপ মহন্তই জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।