নগাঁৱৰ ৰাঙলুৰ গুলীচালনাৰ ঘটনাৰ সাত অভিযুক্তক গ্ৰেপ্তাৰ

 10/14/2019 - 14:02

নগাঁওঃ ১০ অক্টোবৰত নগাঁৱৰ ৰাঙলুৰ HP পেট্ৰ'ল পাম্পৰ সন্মুখত সংঘটিত গুলীচালনা আৰু ডকাইতিৰ ঘটনাৰ সৈতে জড়িত সাত অভিযুক্তকে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষীয়ে। ঘটনাৰ বাৰ ঘণ্টাৰ ভিতৰতে নগাঁও আৰক্ষীয়ে ক্ষিপ্ৰতাৰে অভিযান চলাই মূল অভিযুক্ত ইলিয়াছ উদ্দিনক গ্ৰেপ্তাৰ কৰাৰ পিছত আন ছয় অভিযুক্তকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ইলিয়াছ উদ্দিনৰ পিছত শেহতীয়াকৈ নগাঁও আৰক্ষীৰ জালত বন্দী হোৱা বাকী ছয় দুৰ্বৃত্তৰ নাম হৈছে নুৰ উদ্দিন, ওমৰ ফাৰুক, সুৰুয আলি, শ্বাৰাফট আলি, জগদাদুল ইছলাম আৰু কিতাব আলি। লগতে নগাঁও আৰক্ষীয়ে এই দুৰ্ধৰ্ষ ডকাইত কেইটাৰ পৰা 7.65 এম এম এটা পিষ্টল, দুই ৰাউণ্ড সক্ৰিয় গুলী আৰু ঘটনাত ব্যৱহৃত মটৰ চাইকেলো জব্দ কৰে।

এই ছয় দুৰ্বৃত্তই পেট্ৰ'ল পাম্পৰ কৰ্মচাৰী ইলিয়াছ উদ্দিনৰ ব্লুপ্ৰিণ্ট অনুসৰি পাম্পটোৰ মেনেজাৰ ৰাজু জৈনক গুলীচালনা কৰি প্ৰায় ডেৰ লাখ টকা লুট কৰি নিছিল। গুলীচালনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰাজু জৈন বৰ্তমানেও চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।