বাক্সাৰ বাঁহবাৰীত আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ বিক্ৰীৰ বাবে নিয়া সুলভ মূল্যৰ চাউলভৰ্তি গাড়ী জব্দ

 10/15/2019 - 13:38

শালবাৰীঃ কয়লা, ছুপাৰীৰ পিছত এইবাৰ ৰাজ্যত সংঘটিত হৈছে চাউল কেলেংকাৰী৷ আন্তঃৰাষ্ট্ৰীয় বজাৰত বিক্ৰী অসমৰ এক টকীয়া সুলভ মূল্যৰ চাউল| বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত বাঁহবাৰীত জব্দ কৰা হৈছে সুলভ মূল্যৰ চাউলভৰ্তি গাড়ী৷

এক গোপন সূত্ৰৰ পম খেদি বাক্সাৰ বাঁহবাৰী আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ৬০ বেগ পৰিমল চাউলসহ AS 15 AC 0394 নম্বৰৰ চাউলভৰ্তি গাড়ীখন৷ জব্দ কৃত গাড়ীখনৰ সৈতে আৰক্ষীয়ে আটক কৰিছে গোৱৰ্দ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত কুচিয়াখান্দা গাঁৱৰ তহেৰ আলীৰ পুত্ৰ জয়ন উদ্দিন নামৰ গাড়ীচালকজনকো৷

নামনি অসমৰ উল্লেখযোগ্য বাণিজ্যিক চহৰ বৰপেটা ৰোডৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথেৰে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পাংবাংলৈ নি থকা অৱস্থাত জব্দ কৰা হৈছে সুলভ মূল্যৰ চাউলভৰ্তি গাড়ীখন৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত গোৱৰ্দ্ধনা আৰক্ষীয়ে ২৬৮/১৯ নম্বৰৰ ৩৭৯/৪১১ ধাৰাত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।