ধুবুৰীত নেভাৰ্ড এন জি অৰ নামত দুৰ্নীতি

 10/16/2019 - 13:15

ধুবুৰীঃ ধুবুৰী চহৰৰ কলেজ ৰোডৰ নেভাৰ্ড এন জি অটোৰ নামত কেইজনমান ব্যক্তিয়ে চলাই আহিছে চৰকাৰী ধন হস্তগত কৰাৰ বেহা। এন জি অটোৱে নাইট শ্বেলটাৰ হোমৰ নামত ধুবুৰীত চলাই আছে লাখ লাখ টকাৰ লুণ্ঠন। এন জি অটোৰ কাৰ্যালয়ত নাই কোনো মানুহ, নাই কোনো নথি-পত্ৰ। সদায় বন্ধ হৈ আছে কাৰ্যালয়টো।

প্ৰকৃততে এন জি অটোৰ জৰিয়তে কোনাধৰণৰ জন কল্যাণমূলক আঁচনি ইতিমধ্যে গ্ৰহণ কৰা হৈছে নে নাই সেই বিষয়ে ৰাইজ অৱগত নহয়। যদি এনজিঅটোৰ জৰিয়তে ইতিমধ্যে চৰকাৰী ধন মোকলাই দিয়া হৈছে তেন্তে সেই টকাৰে কি কি কাম কৰা হৈছে বুলি ৰাইজে প্ৰশ্ন কৰে। এই ক্ষেত্রত চৰকাৰ বিভাগীয় কৰ্তৃপক্ষই এন জি অটোৰ বিৰুদ্ধে ব্যৱস্থা ল’বনে? জিলা উপায়ুক্ত বিষয়টোৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিবনে?

ৰহস্যজনক কথা যে সাংবাদিকৰ কেমেৰা দেখি ৰাতিৰ ভিতৰত নামফলক আঁতৰাই দি চেণ্টাৰটো বেলেগ ঠাইত স্থানান্তৰ কৰা হৈছে বুলি মন্তব্য কৰে এনজিঅটোৰ এজন কৰ্মীয়ে। সমাজকল্যাণ বিভাগৰ লগত জড়িত এই এনজিঅটো বিভিন্ন প্ৰজেক্ট নাইট শ্বেলটাৰ, ডোলিং হাউচ, এইচ আই ভি এইচ, ড্ৰাগছ এবেচ আদিকে ধৰি বহুত দিনৰ পৰা জিলাখনত বিভিন্ন ধৰনৰ প্ৰজেক্টৰ ৰূপায়ণৰ নামত লাখ লাখ টকা আত্মসাত কৰি থকাৰ অভিযোগ উথাপিত হৈছে। এই ক্ষেত্ৰত নিমাত হৈ আছে ধুবুৰী সমাজ কল্যাণ বিভাগ৷

জিলাখনৰ কেইজনমান ব্যক্তি এই নেভাৰ্ড এন জি অৰ লগত জড়িত হৈ আছে। তদন্ত কৰিবনে জিলা উপায়ুক্ত অনন্ত লাল জ্ঞানীয়ে৷ নামফলক আৰি দি এনেদৰে লুণ্ঠনৰাজ চলোৱা এন জি অটোৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যনীয়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।