ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে লখিমপুৰৰ অসম-অৰুনাচল সীমান্ত

 10/16/2019 - 20:40

লখিমপুৰঃ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে লখিমপুৰ আৰক্ষীৰ বৃহৎ সাফল্য৷ লখিমপুৰৰ হাৰমতীত উৎখাত ড্ৰাগছৰ বৃহৎ ঘাটি। ড্ৰাগছৰ ঘাটিত উদ্ধাৰ হাতীৰ দাঁত৷ আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰিলে তিনি ব্যৱসায়ীক৷

ধৃত হাৰমতিৰ মুকুন্দ দাস, ধেমাজিৰ অসীম গগৈ আৰু ৰিজু নন্দী। আটকাধীন যুৱক কেইজনৰ পৰা বৃহৎ পৰিমানৰ হেৰ'ইন, নগদ ১লাখ ৬২হাজাৰ টকা আৰু এটা হাতীৰ দাঁত উদ্ধাৰ। লখিমপুৰৰ উপ আৰক্ষী অধীক্ষক ৰুণা নেওঁগ আৰু ফাৰুক আহমেদৰ নেতৃত্বত চলিছিল এই অভিযান৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।