ঢকুৱাখনাত কলখেতি আৰু গাহৰি পালনেৰে স্বাৱলম্বী এজন যুৱক

 10/17/2019 - 12:29

ঢকুৱাখনাঃ যিসময়ত ৰাজ্যৰ শিক্ষিত যুৱক-যুৱতীয়ে কৰ্ম সংস্থাপনৰ অভাৱত বৰ্হি ৰাজ্যলৈ ঢাপলি মেলিছে সেই সময়তে এজন যুৱকে কৃষি কৰ্মৰে আত্মসংস্থাপনৰ বাট মুকলি কৰিছে। ঢকুৱাখনা মৰনৈ বেবেজীয়াৰ অয়েঙীয়া বৰ গাঁৱৰ কলা শাখাত স্নাতক যুৱকজনে প্ৰথমে পাঁচজনী স্থানীয় প্ৰজাতিৰ গাহৰিৰে নিজৰ কৃষিকৰ্ম আৰম্ভ কৰি বৰ্তমান প্ৰায় ১৫০ টা গাহৰি আৰু পাঁচবিঘা মাটিৰ এখন কল বাগানৰ গৰাকী হ’বলৈ সক্ষম হৈছে।

দিন হাজিৰা কৰা পিতৃক সহায় কৰিবৰ বাবে যুৱকজনে চেন্নাই, কেৰেলা আদিত ঘূৰি ফুৰোতেই নিজৰ চকু মেল খালে। ঘৰলৈ ঘূৰি আহি আৰম্ভ কৰিলে গাহৰি ফাৰ্ম। সেই সময়তে উত্তৰ লখিমপুৰস্থিত নাবাৰ্ড বেংক"ৰ এজন প্ৰৱন্ধকৰ দিহা-পৰামৰ্শ অনুসৰি লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে পাঁচবিঘা মাটিত আৰম্ভ কৰিলে উন্নত প্ৰজাতিৰ কলখেতি।

সেই কলখেতিৰ পৰা (কল আৰু পুলি) বিক্ৰী কৰি বছৰত ডেৰ-দুই লাখ টকা উপাৰ্জনৰ লক্ষ্য লোৱা যুৱকজনে বৰ্তমান উণ্ণত (য়কছায়া) প্ৰজাতিৰ গাহৰি আৰু পোৱালি বিক্ৰী কৰি প্ৰতিমাহে উপাৰ্জন কৰিছে দুইৰ পৰা আঢ়ৈ লাখ টকা। তদুপৰি মাজে মাজে প্ৰায় ১ বিঘাৰো অধিক আদা খেতি কৰিছে। লখিমপুৰ 'কৃষিবিজ্ঞান কেন্দ্ৰ'ৰ দিহা পৰামৰ্শ আৰু এলাহাবাদ বেঙ্কৰ ডেৰ লাখ টকা অৰ্থ সাহাৰ্য্যৰে ব্যৱসায় আৰম্ভ কৰা নিৰুজ তাৱ এতিয়া সকলোৱে আদৰ্শ আৰু প্ৰেৰণা উৎস হৈ পৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।