হাজোৰ দামপুৰত আৰক্ষীক আক্ৰমণ

 10/17/2019 - 17:51

কামৰূপঃ হাজোৰ দামপুৰত আৰক্ষীক আক্ৰমণ। আদালতৰ নিৰ্দেশৰ ভিত্তিত অভিযান চলাবলৈ গৈ আক্ৰমণৰ সন্মুখীন হ’ল হাজো আৰক্ষীৰ এটা দল। চুলিত ধৰি গুৰুলা গুৰুল প্ৰহাৰ মহিলা আৰক্ষীক। আৰু তাৰ পিছত এই ভয়ংকৰ পৰিবেশ। দামপুৰৰ গলি গলি সোমাইছে আৰক্ষীৰ দল। আৰক্ষীক আক্ৰমণত জড়িত লোকক বিচাৰি আৰক্ষীৰ অভিযান।

আচলতে দামপুৰৰ খাইৰুল হক নামৰ এজন লোকৰ পত্নীৰ সৈতে হৈছিল বিবাহ বিচ্ছেদ। আদালতৰ নিৰ্দেশনা অনুসৰি খাইৰুলৰ ঘৰলৈ পত্নীৰ যৌতুকৰ বস্তু আনিবলৈ যাওঁতে খাইৰুল আৰু পৰিয়ালৰ লোকে জঁপিয়াই পৰে আৰক্ষীৰ দলটোৰ ওপৰত। দুগৰাকী মহিলা আৰক্ষীক খাইৰুলৰ দুই ভগ্নীয়ে বেয়াকৈ প্ৰহাৰ কৰে। আক্ৰমণ কৰিলে আৰক্ষী যোৱানক।

আদালতৰ নিৰ্দেশনা নামানে খাইৰুলৰ পৰিয়ালে উভতাই নিদিয়ে যৌতুকৰ সামগ্ৰী। আৰু তাৰ পাছতে আৰক্ষী দলটোক আক্ৰমণ পৰিয়ালৰ লোকৰ আৰক্ষী দলটোক আক্ৰমণৰ ঘটনাত জড়িত একাংশ চুবুৰীয়া লোক। এজন আৰক্ষীৰ ফালি পেলাইছে খাকি পোছাক। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে কেইবাজনো লোকক। অভিযুক্ত পৰিয়ালৰ অনন্যসকল পলাতক। ঘটনাক লৈ অঞ্চলজুৰি অব্যাহত চেপা উত্তেজনা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।