যান-বাহন আৰক্ষীৰ জালত এইবাৰ অধিবক্তা

 10/19/2019 - 20:30

যোৰহাটঃ নতুন যান-বাহন আইন বলবৎ হোৱাৰ পাছৰে পৰা সকলোতে তালাচীত তৎপৰ যানবাহন আৰক্ষী। কেইদিনমানপূৰ্বে যানবাহন আইন নামানি হেলমেট নোহোৱাকৈ বাইক চলোৱা আৰক্ষী বিষয়াই ভৰিব লগা হৈছিল জৰিমনা।

পুনৰ শনিবাৰে আইনৰ ৰক্ষক হিচাপে পৰিচিত এজন অধিবক্তাই যান-বাহন আইন নামানি বাইক চলোৱাৰ বাবে যোৰহাটৰ যান-বাহন আৰক্ষীৰ ওচৰত ভৰিব লগা হ’ল জৰিমনা। যান-বাহন আৰক্ষীৰ এনে পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে যোৰহাটবাসীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।