ঢাকাত ভয়াবহ অগ্নিকাণ্ডত মৃত্যুৰ সংখ্যা ৮১ জনলৈ বৃদ্ধি, মৃতদেহ বিচাৰি হাহাকাৰ

 02/21/2019 - 15:32

ডিজিটেল ডেস্কঃ বাংলাদেশৰ ৰাজধানী ঢাকাত ২০ ফেব্ৰুৱাৰীত সংঘটিত ভয়াবহ অগ্নিকাণ্ডত মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ খবৰ আহিছে।এতিয়ালৈ ৮১ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে।উদ্ধাৰ অভিযান বৰ্তমানেও চলি আছে যদিও কেইবাটাও মৃতদেহ উদ্ধাৰ কৰিব পৰা নাই বুলি জানিব পৰা গৈছে।শেহতীয়া খবৰ মতে, উদ্ধাৰ হোৱা বহু মৃতদেহ সমূহ ঢাকা প্ৰশাসনে বৰ্তমানেও চিনাক্ত কৰিব পৰা নাই।ঢাকা চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখত বহু লোকে সমবেত হৈ মৃতদেহ বিচাৰি হায়ৰাণ হোৱা দেখা গৈছে৷

অগ্নিকাণ্ডৰ পৰা উদ্ধাৰ কৰা বহু মৃতদেহ চিনাক্ত কৰিব নোৱাৰাৰ ফলতেই পৰিয়ালৰ লোকক মৃতদেহ চমজাই দিব পৰ নাই বুলি জানিব পৰা গৈছে৷ঢাকা জিলা প্ৰশাসনে ফৰেণচিক পৰীক্ষা কৰি মৃতদেহ চিনাক্ত কৰিব বুলি প্ৰকাশ কৰিছে৷বাংলাদেশৰ কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে অগ্নিকাণ্ড সংঘটিত হোৱা স্থান পৰিদৰ্শন কৰাৰ লগতে নিহত আৰু আহতৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ লগতে সমবেদনা জ্ঞাপন কৰে৷ঢাকাৰ আইজিপি জাবেদ পাটোৱাৰীয়ে জনােৱা মতে, মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷

উল্লেখ্য যে, ২০ ফেবুৱাৰীত ঢাকা চহৰস্থিত এটি কেমিকেল গুডামত কেইবা শ শ্ৰমিকে কৰ্মৰত অৱস্থাত হঠাতে অগ্নিকাণ্ড সংঘটিত হোৱাত হৈ চৈৰ সৃষ্টি হৈছেল৷গুডামত ৰসায়নিক পদাৰ্থ মজুত থকাৰ ফলতেই অগ্নিকাণ্ড ইমানেই ভয়াবহ আছিল যে ওচৰ পাজৰৰ কেইবাটাও ঘৰত অগ্নিকাণ্ড বিয়পি পৰাৰ লগতে কেইবা খনো গাড়ী জুইত জাহ যায়৷গাড়ী সমূহৰ মাজত এখন ৰন্ধন গেছ ভৰ্তি গাড়ীও আছিল৷কেইবাটাও ৰন্ধনগেছ বিস্ফোৰণ হোৱাৰ ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱা বুলি ধৰাণা কৰা হৈছে৷অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ ৩৭ খন গাডীয়ে জুই নুমুৱাবলৈ চেষ্টা কৰে যদিও প্ৰায় ৮১ গৰাকী লোকৰ মৃত্যু হয়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.