দৰঙৰ খাৰুপেটীয়াত ধৰ্মীয় সভা উপলক্ষে স্বচ্ছতা অভিযান

 10/21/2019 - 19:05

খাৰুপেটীয়াঃ দৰং জিলাৰ খাৰুপেটীয়া আছিনতলাস্থিত জামিয়া ছায়েদিয়া আব্দুল গনি বান্নাত মাদ্ৰাছাৰ পৰিচালনা সমিতিৰ উদ্যোগত মঙলবাৰে দিনযোৰা কাৰ্যসূচীৰে এখন বৃহৎ ধৰ্মীয় সভা তথা ৩২ তম উৰুছ মোবাৰকৰ আয়োজন কৰা হৈছে। উক্ত ধৰ্মীয় সভাৰ প্ৰতি সংগতি ৰাখি সোমবাৰে পৰিচালনা সমিতিৰ সম্পাদক গোলাপ হুছেইন আৰু মৌলানা শেখ ফৰিদৰ সহযোগত সমূহ কৰ্মীয়ে এক স্বচ্ছতা অভিযান কাৰ্যসূচী ৰূপায়ন কৰে।

আনহাতে উক্ত সভাখনত মুখ্যবক্তা হিচাপে অংশগ্ৰহণ কৰিব উজাগাঁও তামিজিয়া ইছলামীয়া মাদ্ৰাছাৰ প্ৰধান শিক্ষক মুফতি ৱলিউদ্দী ৰেজবিৰ লগতে বিভিন্ন অঞ্চলৰ বক্তাসকল। সেয়ে মঙলবাৰে হ’বলগীয়া সভাখনত দৰংবাসী ৰাইজৰ লগতে সমূহ ইছলামধৰ্মী ৰাইজক আমন্ত্ৰণ জনাইছে উৰুছ পৰিচালনা সমিতিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।