বিদ্যা ভাৰতী ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহ ৰাজস্থানৰ নাগৌৰত সম্পন্ন

 10/23/2019 - 17:41

উত্তৰ গুৱাহাটীঃ বিদ্যা ভাৰতী ৩২তম ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহ যোৱা ১৯ তাৰিখৰ পৰা ২৩অক্টোবৰ লৈ ৰাজস্থানৰ নাগৌৰত অনুষ্ঠিত হৈছে। এই সমাৰোহত পূৰ্বোত্তৰ ক্ষেত্ৰৰ হৈ অসমৰ ৩২জন খেলুৱৈ ছাত্ৰ-ছাত্ৰী, ৪জন তত্ত্বাৱধায়ক আচাৰ্য্য-আচাৰ্য্যা আৰু ৩জন খেল পৰিচালকসহ সৰ্বমুঠ ৩৯জনীয়া দলে অংশগ্ৰহণ কৰে। ছাত্ৰ-ছাত্ৰীসকলে ৪টা ৰূপৰ ৬টা ব্ৰঞ্জৰে সৰ্বমুঠ ১০টা পদক লাভ কৰিবলৈ সক্ষম হয়। কিশোৰ শাখাৰ(ছোৱালী)শংকৰদেৱ শিশু নিকেতন, লীলাবাৰী (লখিমপুৰ)ছাত্ৰীৰ ময়ুৰী গগৈয়ে ৪০০মি দৌৰত দ্বিতীয়, ৮০০মি. দৌৰত তৃতীয়, শংকৰদেৱ শিশু নিকেতন, এঘাৰমাইলৰ (লখিমপুৰ)ছাত্ৰী পৰিকলতা নৰহে ওখ জাম্পত দ্বিতীয় স্থান লাভ কৰে। (ল'ৰা)শংকৰদেৱ শিশু নিকেতন, ঝাৰগাঁৱৰ(মৰিগাঁও)ছাত্ৰ কিংচুক নাথে ৫০০০মি. দ্ৰুত খোজত তৃতীয় স্থান লাভ কৰে।

বালক শাখাৰ(ল'ৰা)শংকৰদেৱ শিশু নিকেতন, পূৱ ৰঙা নদীৰ(লখিমপুৰ) ছাত্ৰ প্ৰাঞ্জল দাসে চটফুট থ্ৰ'ত দ্বিতীয় আৰু দীঘল জাম্পত্ তৃতীয় স্থান লাভ কৰে।(ছোৱালী)শংকৰদেৱ শিশু নিকেতন, ন-আলিৰ (লখিমপুৰ) ছাত্ৰী ৰিমি পেগুৱে ৬০০মি. তেওঁ দ্বিতীয়, শংকৰদেৱ শিশু নিকেতন ডিমৌৰ(শিৱসাগৰ) ছাত্ৰী খুচবু গড়ে ২০০মি. তেওঁ তৃতীয়, শংকৰদেৱ শিশু নিকেতন, বোকাঘাটৰ(গোলাঘাট) ছাত্ৰী অমন্তিকা মুন্ডায়ে চট্পুট থ্ৰ'ত তৃতীয় আৰু শংকৰদেৱ শিশু নিকেতন, বেতবাৰীৰ(শিৱসাগৰ) ছাত্ৰী আইনু বৰুৱায়ে ডিচকাচ থ্ৰ'ত তৃতীয় স্থান লাভ কৰি নিকেতন তথা শিশু শিক্ষা সমিতিলৈ গৌৰৱ কঢ়িয়াই আনিছে। শিশু শিক্ষা সমিতিৰ এই গৌৰৱত গৌৰৱান্বিত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।