দহ হাজাৰ টকাত মাতৃয়ে বিক্ৰী কৰিলে নিজ সন্তানক

 10/24/2019 - 12:28

কোকৰাঝাৰঃ ধুবুৰী জিলাৰ সীমান্তবৰ্তী শাশাৰগাঁও প্ৰথম খণ্ডৰ জয়মতী শৰ্মা নামৰ পাষাণ হৃদয়ৰ মাতৃগৰাকীয়ে নিজ সন্তানক মাথো ১০ হাজাৰ টকাৰ বিনিময়ত বিক্ৰী কৰাৰ ঘটনা পোহৰলৈ অহাত জিলা দুখনত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। পাষাণ হৃদয়ৰ মাতৃ জয়মতী শৰ্মাই সংবাদ মাধ্যমৰ আগত সদৰি কৰা মতে স্বামীয়ে আত্মহত্যা কৰাৰ পিছতে তেওঁ ছয়গাঁওৰ শশুৰেকৰ ঘৰৰ পৰা ওলাই আহি নিজ মাতৃ গৃহ শাশাৰ গাঁওত থাকিবলৈ লয়।

তাৰপিছতে ল’ৰাটোৰ সৰু-সুৰা বেমাৰ লাগি থকাৰ অজুহাত, দৰিদ্ৰতাৰ অজুহাত, নিজৰ ভাতৃয়ে বেয়া ব্যৱহাৰ কৰাৰ অজুহাত দি পাষাণ মাতৃগৰাকীয়ে সৰুপেটা ভৱানীপুৰৰ অনিল বড়োৰ হাতত নিজ সন্তানক দহ হাজাৰ টকাত বিক্ৰী কৰি দিয়ে। স্বামীৰ মৃত্যুৰ পিছত জয়মতী শৰ্মাই পুণৰ আন এজনৰ লগত বিবাহত বহিবলৈকে নিজৰ আঢ়ৈ বছৰীয়া পুত্ৰ সন্তানক দহ হাজাৰ টকাত বিক্ৰী কৰি দি নিজৰ পথ সুগম কৰি তুলিব খোজে।

পাষাণ মাতৃৰ এনে অপকাণ্ডই অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছতো পাষাণ মাতৃগৰাকীয়ে নিজ সন্তানক কিন্তু পুণৰাই ঘূৰাই লবলৈ ইচ্ছাও প্ৰকাশ কৰা নাই। পাষাণ হৃদয়ৰ মাতৃয়ে নিজ সন্তানক বিক্ৰী কৰি দিয়া ঘটনা পোহৰলৈ অহাৰ পিছতে গাঁওবাসীয়ে জয়মতী শৰ্মাৰ ঘৰত ভিৰ কৰে আৰু লপা-থপাও দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।