কমলপুৰ সমষ্টিৰ এখন দলং ১৫বছৰে মেৰামতি নোহোৱাত টায়াৰ জ্বলাই ৰাইজৰ প্ৰতিবাদ

 10/24/2019 - 14:51

নিউজ ডেক্সঃ বিগত ১৫ বছৰে মেৰামতি নহ’ল কমলপুৰ সমষ্টিৰ গুৰুত্বপূৰ্ণ দলং। কমলপুৰ সমষ্টিৰ হৰদত্ত-বীৰদত্ত পথৰ পৰা ভৈৰবীশ্বৰী মন্দিৰলৈ যোৱা পথটোৰ লগতে এখন গুৰুত্বপূৰ্ণ ভগ্ন দলং বিভাগীয় কৰ্তৃপক্ষয় বিগত ১৫টা বছৰে মেৰামতি নকৰাত খৰ্গহস্ত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ।

যাৰফলত অঞ্চলবাসীয়ে উপায়ন্তৰ হৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়ক গৰাকীৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰিছে বৰকুৰহা অঞ্চলৰ ৰাইজ। যাৰফলত প্ৰতিবাদকাৰী সকলে পথটো বন্ধ কৰি টায়াৰ জ্বলাই প্ৰতিবাদ কৰিব লগীয়া হয়। প্ৰতিবাদকাৰী সকলে সংবাদ মাধ্যমক জানিবলৈ দি কয় যে পথটোৰ লগতে গুৰুত্বপুৰ্ণ ভগ্ন দলংখন মেৰামতি কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাই অহাৰ উপৰিও স্থানীয় বিধায়ক গৰাকীক ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনোৱা হৈছিল। কিন্তু তাৰপিচটো কোনো গুৰুত্ব নিদিয়াত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হয়।

ৰাইজৰ স্পষ্ট দাবী এমাহৰ ভিতৰত যদি দলং আৰু পথটি মেৰামতি নকৰে তেন্তে পৰৱৰ্তী সময়ত আৰু অধিক ভয়ানক আন্দোলন কৰিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।