লখিমপুৰ ছাত্ৰ-মুক্তি সংগ্ৰাম সমিতিৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলন

 10/24/2019 - 19:04

লখিমপুৰঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতাৰে লখিমপুৰত প্ৰতিবাদ। বৃহস্পতিবাৰে ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ আহ্বানত হাতে হাতে প্লেকাৰ্ড লৈ লখিমপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সম্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে লখিমপুৰ ছাত্ৰমুক্তি সংগ্ৰাম সমিতিয়ে।

প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। চৰকাৰে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিলে ভয়ংকৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।