জনীয়াত বৃহৎ ব্যৱধানত এ আই ইউ ডি এফৰ ৰফিকুল ইছলাম জয়ী

 10/25/2019 - 12:25

জনীয়াঃ জনীয়া সমষ্টিৰ উপ নিৰ্বাচনৰ ফলাফলত এ আই ইউ ডি এফৰ ড° হাফিজ ৰফিকুল ইছলাম বৃহৎ ভোটৰ ব্যৱধানত জয়ী হবলৈ সক্ষম হৈছে৷ ৰফিকুল ইছলামে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী কংগ্ৰেছৰ ছামচুল হকক প্ৰায় ৩৫ হাজাৰৰ অধিক ভোটৰ ব্যৱধানত পৰাজিত কৰি বিধায়ক নিৰ্বাচিত হয়৷ বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত ভোট গণনাৰ ফলাফল অনুসৰি এ আই ইউ ডি এফৰ ৰফিকুল ইছলামে ৮১,৭৬৪ টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী কংগ্ৰেছৰ ছামচুল হকে লাভ কৰে ৪৬,৬৩৪ টা ভোট৷

এ আই ইউ ডি এফৰ ৰফিকুল ইছলামে কংগ্ৰেছৰ ছামচুল হকক ৩৫,১৩০ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি জনীয়াৰ বিধায়ক নিৰ্বাচিত হয়৷ আনহাতে বিজেপিৰ তৌফিকুৰ ৰহমানে লাভ কৰে ১৫,৩৪৮ টা ভোট৷ ফলাফল অনুসৰি অন্যান্য প্ৰাৰ্থী ক্ৰমে চি পি আই(এম)ৰ ৰুস্তম আলীয়ে ২৫৭২ টা, ৰফিকুল ইছলামে ১০০৭ টা, চান্দ মামুদে ৯১০ টা, আব্দুল জলিল তালুকদাৰে ৬৪৩ টা, ভোট লাভ কৰে৷ ন'টাত পৰে ৬৪৮ টা ভোট৷

লক্ষণীয় যে, বিগত বিধানসভাৰ নিৰ্বাচনতকৈ এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছ দলে সমষ্টিটোত চল্লিশ হাজাৰ ভোট কম পায়৷ ২০১৬ ৰ বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ আব্দুল খালেকে প্ৰায় ৮৬ হাজাৰ ভোট লাভ কৰাৰ বিপৰীতে এইবাৰ কংগ্ৰেছ দলে ৪৬,৬৩৪ টা ভোটহে লাভ কৰে৷ এই ফলাফলৰ পিছতে নৱ নিৰ্বাচিত বিধায়ক ৰফিকুল ইছলামে সংবাদ মাধ্যমৰ জৰিয়তে সমষ্টিবাসীৰ প্ৰতি ধন্যবাদ আৰু কৃতজ্ঞতা জনায়৷ তেওঁ কয় বিধায়ক হিচাপে তেওঁ মাথো ডেৰ বছৰহে সময় পাব৷

এই সময়ছোৱাত সমষ্টিটোৰ উন্নয়নৰ বাবে বিধানসভাৰ ভিতৰে বাহিৰে তেওঁ সম্পূৰ্ণ চেষ্টা চলাব৷ সৰ্বানন্দ সোণোৱাল যিহেতু অসমৰ মুখ্যমন্ত্ৰী সেয়ে জনীয়াৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী গৰাকীয়ে চেষ্টা চলাব বুলি তেওঁ আশা প্ৰকাশ কৰে৷ জনীয়াৰ পৰা ৰাষ্ট্ৰপতিৰ পদ অলংকৃত কৰা হেতুকে এই সমষ্টিটোৰ প্ৰতি চৰকাৰখনৰ যথেষ্ট কৰণীয় থকা বুলিও তেওঁ উল্লেখ কৰে৷ এতিয়া নিৰ্বাচনৰ কথা নাইকীয়া কৰি জনীয়াৰ স্বাৰ্থত কংগ্ৰেছ, বিজেপি আৰু ইউ ডি এফ একগোট হোৱাৰ আহ্বান জনায় নৱ নিৰ্বাচিত বিধায়ক ৰফিকুল ইছলামে৷

বিগত বিধানসভা নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচন আৰু লোকসভাৰ নিৰ্বাচনত জিলাখনত কংগ্ৰেছৰ হাতত একপ্ৰকাৰ ধাৰাশায়ী হোৱা এ আই ইউ ডি এফ দলে এইবাৰ জনীয়াৰ উপ নিৰ্বাচনত চমকপ্ৰদ উত্থানে দলটোৰ কৰ্মীসকলক উৎসাহী কৰি তোলা পৰিলক্ষিত হৈছে৷ নিৰ্বাচনী ফলাফল ঘোষণা কৰাৰ পিছতে এ আই ইউ ডি এফৰ কৰ্মীসকলে ফটকা ফুটাই আনন্দত মতলীয়া হয়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।