আদৰ্শ গাঁওত মাছধৰা প্ৰবৃত্তিই একমাত্ৰ আদৰ্শ

 10/25/2019 - 13:50

বকোঃ অসম ৰাজ্য চৰকাৰে আদৰ্শ গাঁও হিচাপে স্বীকৃতি প্ৰদান কৰা অসমৰ এখন অন্যতম আদৰ্শ গাঁও নিছিলামাৰী গাঁও। কামৰূপ জিলাৰ ৪৮ নং বক(অঃসুঃজাঃ) বিধান সভা সমষ্টিৰ নগৰবেৰা ৰাজহ চক্ৰৰ অন্তুৰ্গত নিছিলামাৰী গাঁওখন বৰ্তমানৰ ৰাজ্য চৰকাৰখনে ২০১৬-২০১৭ চনত এখন আদৰ্শ গাঁও হিচাপে স্বীকৃতি প্ৰদান কৰে। প্ৰায় ৩৫০ টা মান পৰিয়াল আৰু ১২০০মান জনসংখ্যাৰে বসবাস কৰা উক্ত নিছিলামাৰী গাঁওখন অসম চৰকাৰে এখন আদৰ্শ গাঁও হিচাপে মৰ্য্যাদা দিয়ে যদিও আজিও গাঁওখনৰ বিভিন্ন সমস্যাৰ অন্ত পৰা নাই বুলি স্থানীয় ৰাইজে মত প্ৰকাশ কৰিছে। মাত্ৰ দুটামান ৰাস্তাৰ কাম বিসঙ্গতিৰে কৰিছে যদিও এতিয়াও বহুকেইটা ৰাস্তা সম্পূৰ্ণ হৈ নুঠিল।

ষ্ট্ৰিট লাইটৰ ব্যৱস্থা আছে যদিও এতিয়ালৈ গোটেই গাঁওখনত ষ্ট্ৰিতলাইটৰ সুবিধা হৈ উঠা নাই বুলি তাৰ স্থানীয় লোকে জানিবলৈ দিয়ে লগতে মাজে মাজে এই ষ্ট্ৰিতলাইটৰ বিজুতি হৈ কেইটামান লাইট নজ্বলা হৈ থকা বুলি জানিবলৈ দিয়ে। ১০০ শতাংশ পিছপৰা শ্ৰেণীৰ লোক বসবাস কৰা উক্ত আদৰ্শ গাঁওখনৰ বৰ্তমান সময়ত প্ৰায় ৯০শতাংশ মানুহৰ মাছমৰা বৃত্তিই একমাত্ৰ জীয়াই থকাৰ প্ৰধান জীৱিকা। উল্লেখযোগ্য যে উক্ত আদৰ্শ গাঁও নিছিলামাৰীত চৰকাৰী গ্ৰেজিং পথাৰৰ নিছিলা বিল, জয়ৰামখুটি বিল, মাছ পুৰিখোৱা বিল, সৰু বাঁহমূৰা বিল, বাঁহমূৰা বিল, চামতা বিল, কদমতলী বিল আদি বিলত তাৰ প্ৰায় ৯০% লোকে মাছ ধৰি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰি অহা বুলি জানিবলৈ দিয়ে।

অসম চৰকাৰৰ মীন বিভাগক এই জলাশয়-বিল সমূহ সংৰক্ষণ কৰি তাত উন্নত পদ্ধতিৰে এই আদৰ্শ গাঁওবাসীক মীন পালন কৰিব পৰাৰ ব্যৱস্থাৰ কৰি দিয়া বাবে দাবী জনাই যদিও আজি পৰ্যন্ত এই ক্ষেত্ৰত মীন বিভাগে কোনো ব্যৱস্থা হাতত লোৱা নাই বুলি জানিবলৈ দিয়ে। তাৰ স্থানীয় লোকে প্ৰকাশ কৰা ম'তে এই আদৰ্শ গাঁও নিছিলামাৰীৰ উক্ত বিল সমূহৰ বিভিন্ন সৰু-ডাঙৰ থলুৱা মাছ অসমৰ বিভিন্ন বজাৰলৈ ৰপ্তানি হয় বুলি জানিবলৈ দিয়ে। তদুপৰি এখন আদৰ্শ গাঁও হিচাপে বহুদিন আগতেই স্বীকৃতি পাইছে যদিও নিছিলামাৰী গাঁওবাসীৰ লোকৰ শিক্ষা, বৃত্তি, জীৱন শৈলী, আৰ্থিক অৱস্থা,যাতায়ত ব্যৱস্থা,উন্নয়নৰ ক্ষেত্ৰত আজিও আদৰ্শৱান হ'ব পৰা নাই বুলি স্থানীয় লোক বহুতেই দুখ প্ৰকাশ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।