কৃষ্ণগুৰু বিদ্যাজ্যোতিৰ ৰূপালী জয়ন্তী সমাৰোহৰ মুকলি সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

 10/25/2019 - 19:05

পূব বৰপেটাঃ বৰপেটা জিলাৰ নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমৰ কৃষ্ণগুৰু বিদ্যাজ্যোতিৰ ৰূপালী জয়ন্তী সমাৰোহৰ শুকুৰবাৰে অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। সভাখনত বিশিষ্ট অতিথি হিচাপে কৃষ্ণগুৰু শিক্ষা পৰিষদৰ অধ্যক্ষ ভক্তি-মাতৃ আই কুন্তলা পাটোৱাৰী গোস্বামী, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামীৰ উপৰিও কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে।

23 অক্টোবৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে কৃষ্ণগুৰু বিদ্যাজ্যোতিৰ ৰূপালী জয়ন্তী সমাৰোহ। শুকুৰবাৰে ৰূপালী জয়ন্তী সমাৰোহৰ অন্তিম দিন। ৰূপালী জয়ন্তী সমাৰোহৰ লগতে 25 অক্টোবৰৰ দিনটো আদিগুৰু দিৱস হিচাপে উদযাপন কৰি আহিছে কৃষ্ণগুৰু বিদ্যাজ্যোতিয়ে। শুকুৰবাৰে আদিগুৰু দিৱস উদযাপন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।