কোকৰাঝাৰত মুৰ্গীচোৰ কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে যুৱকে

 10/25/2019 - 20:43

কোকৰাঝাৰঃ মুৰ্গীচোৰ কৰিবলৈ গৈ অৱশেষত বিদ্যুতপিষ্ট হৈ এজন যুৱকে প্ৰাণ হেৰুৱাবলগীয়া ঘটনাই কোকৰাঝাৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে। মুৰ্গীচোৰ কৰিব গৈ কৰুণ মৃত্যুক আঁকোৱালি লোৱা যুৱকজনক কোকৰাঝাৰ জিলাৰ বালাজান আৰক্ষী চকীৰ অন্তৰ্গত নিউ আমগুৰী কছাতোলাৰ প্ৰয়াত আনপা হেমব্ৰমৰ পূত্ৰ সুনা হেমব্ৰম (৩০) বুলি চিনাক্ত কৰা হৈছে। প্ৰাপ্ত বাতৰি অনুসৰি নিউ আমগুৰী নিৱাসী বাবুৰাম কোচৰ পৰিৱাৰে মুৰ্গীৰ বেপাৰ কৰে। সেইসূত্ৰে তেওঁলোক বজাৰৰ পৰা মুৰ্গী কিনি আনি প্ৰথমে ঘৰত ৰাখে আৰু পিছত মুৰ্গীবোৰ বিক্ৰী কৰি দিয়ে। কিন্তু ঘৰত ৰখা মূৰ্গীবোৰ প্ৰায়ে চোৰ হোৱাত তেওঁলোকসমস্যাত পৰে আৰু মূৰ্গীচোৰ ধৰিবলৈ বহু চেষ্টা কৰে যদিও বিফল হয়। তেওঁলোকে শিয়াল বা কুকুৰজাতীয় প্ৰাণীয়ে মুৰ্গীবোৰ খোৱা বুলি সন্দেহ কৰি মুৰ্গীচোৰক ধৰিবলৈ মুৰ্গী ৰখা ঠাইৰ চাৰিওপিনে বাঁহ পুতি গুনাৰ তাঁৰ টানি দিয়ে আৰু তাত বিদ্যুত সৰবৰাহ কৰে। মুৰ্গীখাব আহিলে শিয়াল বা কুকুৰ বিদ্যুত সৰবৰাহ হৈ আহত হব বুলি ধাৰণা কৰি থকা বাবুৰাম কোচৰ পৰিয়ালে আজি ৰাতিপুৱা শুই উঠি বিদ্যুত তাঁৰত লাগি এজন যুৱকৰ মৃত হৈ থকা দেখি চিৎকাৰ কৰি উঠে। পিছত আৰক্ষীক খৱৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃত্যুবৰণ কৰা যুৱকজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ইপিনে বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সুভাষকোচে ঘটনা সন্দৰ্ভত মুৰ্গীচোৰ কৰিবলৈ গৈয়ে যুৱকজন মৃত্যুমুখত পৰা বুলি সন্দেহ প্ৰকাশ কৰিছে। ঘটনা সন্দৰ্ভত মৃত যুৱকজনৰ পৰিয়ালৰ তৰফৰ পৰা বাতৰি লিখা পৰলৈকে কোনোধৰণৰ এজাহাৰ দাখিল কৰা নাই বুলি জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।