উত্তৰ গুৱাহাটীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত আজব কাণ্ড

 10/26/2019 - 13:26

উত্তৰ গুৱাহাটীঃ  উত্তৰ গুৱাহাটীৰ ব্যক্তিগত খণ্ডৰ আভিজাত বিদ্যালয় ছেইণ্ট এন্থনী বিদ্যালয়ৰ প্ৰশাসনিক দুৰ্বলতাৰ বাবে দৈনিক আজব ঘটনা সংঘটিত হ’বলৈ লৈছে। বিদ্যালয়খনৰ দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ অশ্লীল ভিডিঅ' মোবাইলত ভাইৰেল হোৱাৰ পাছত লজ্জাজনক শিক্ষাৰ্থীৰ অভিভাৱকসকল। বিদ্যালয় কৰ্তৃপক্ষই জঘন্য কাণ্ড গাপ দিয়াৰ বিপৰীতে উত্তৰ গুৱাহাটী আৰক্ষীয়ে এক গোছৰ মৰ্মে  গুৱাহাটীৰ এখন আগশাৰীৰ কলেজৰ ছাত্ৰক ঘটনাৰ লগত জৰিতৰ শুংসূত্ৰ পাই আটক কৰি আইনগত ব্যৱস্থা হাতত লৈছে।

ছেইণ্ট এন্থনী হায়াৰ ছেকেণ্ডৰীৰ একাংশ ছাত্ৰ নিছাযুক্ত সামগ্ৰীৰ কবলত পৰি বিপথগামী হোৱাই নহয়, দৈনিক সংঘটিত কাজিয়াত কেইবাজনো ছাত্ৰ গুৰুতৰ ভাবে আহত হৈছে। ২৪ অক্টোবৰত বিদ্যালয় গৃহত এজন অষ্টম শ্ৰেণীৰ ছাত্ৰক আঠজনীয়া দশম শ্ৰেণীৰ অসাধু ছাত্ৰৰদলে চকুত কাপোৰ বান্ধি দলবদ্ধভাবে আক্ৰমণ কৰে।ফলত গুৰুতৰভাবে আহত ছাত্ৰজন চিকিৎসাধীন হ'বলগীয়া হয়।

বিদ্যালয়খনত কেইবাজনো ছাত্ৰ অসাধু নিছাসক্ত ছাত্ৰৰ আক্ৰমণত আহত হোৱাত একাংশ অভিভাৱকে অধ্যক্ষক বিষয়টি অবগত কৰাত অধ্যক্ষ চিষ্টাৰ যুবন প্ৰিন্টুৱে সৰু ঘটনা সকলো বিদ্যালয়ত হৈ থাকে বুলি কয়। অধ্যক্ষ গৰাকীৰ আচৰণত উত্তেজিত অভিভাৱকসকলে অধ্যক্ষৰ সতে বাকযুদ্ধত লিপ্ত হয়।

ছাত্ৰ অভিভাৱকে কাজিয়া কৰা ছাত্ৰকেইজনক বিদ্যালয়ৰ পৰা বহিস্কাৰ কৰি শৈক্ষিক পৰিবেশ অটুট ৰখাৰ দাবী কৰে যদিও অধ্যক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ । বিদ্যালয়খনৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীৰ অশ্লীল ভিডিঅ', ভাইৰেল সম্পৰ্কত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত অধ্যক্ষই মিছা অভিযোগ বুলি ওলাই কৰে।

  উল্লেখ্য যে চলিত মাহত চাৰিজন ছাত্ৰী দুদিন প্ৰহৃত হোৱাৰ পাছতো কোনো গুৰুত্ব নিদিয়াত অভিভাৱকসকল জাঙোৰ খাই উঠে। বিদ্যালয়খনত সুৰক্ষাৰ বাবে শিক্ষাৰ্থীৰ ফীজেৰে চি চি কেমেৰা সংলগ্ন কৰা হৈছে যদিও ঘটনাৰ ৰেকৰ্ড চাব বিছৰাত প্ৰকৃত সত্য ওলাই পৰে। চি চি কেমেৰা বহুদিনৰ পৰা বেয়া হৈ থকা বুলি ঘটনা গাপ দিয়াৰ অভিযোগ।

বিদ্যালয়খনৰ প্ৰশাসনিক দিশ উন্নত নকৰিলে অভিভাৱকসকলে অনতিপলমে উত্তৰ গুৱাহাটী  আৰক্ষী থানাত গোছৰ তৰাৰ হুংকাৰ দিছে। এনেদৰে একাংশ শিক্ষা বিভাগৰ নিয়ন্ত্ৰণৰ বাহিৰৰ গুৰু গোসাঁই নমনা বিদ্যালয়ে অসমৰ সমাজ সংস্কৃতি ধ্বংস কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।