ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্মলৈ উপেন্দ্ৰনাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা প্ৰদান

 10/26/2019 - 17:51

কোকৰাঝাৰঃ সমাজৰ নিষ্পেষিত, শোষিত, লাঞ্চিত, বঞ্চিত আৰু অনগ্ৰসৰ জাতি, জনগোষ্ঠীৰ ন্যায় আৰু আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামৰে নৱ জাগৰণ সৃষ্টিকৰা তথা বড়ো সকলৰ পিতৃ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সোৱৰনত বডোফা উপেন্দ্ৰনাথ ন্যাসে ২০০৪চনৰ পৰা প্ৰদান কৰি অহা উপেন্দ্ৰনাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা (২০১৯)শনিবাৰে প্ৰদান কৰা হয়৷ কোকৰাঝাৰ চহৰৰ বাগানশালিস্থিত এবছৰ কেন্দ্ৰীয় কাৰ্যালয় বডোফা হাউছত শনিবাৰে আয়োজিত এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্য অকাডেমী বটাপ্ৰাপ্ত সাহিত্যিক, কৱি ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্মলৈ ১৬সংখ্যক উপেন্দ্ৰনাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বটা (২০১৯) প্ৰদান কৰা হয়৷ সম্প্ৰতি পশ্চিমবংগৰ শিলিগুড়ীস্থিত এখন ব্যক্তিগত নাৰ্চিংহোমত বিগত প্ৰায় এমাহধৰি ৰোগসষ্যাত আক্ৰান্ত হৈ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা সাহিত্যিক গৰাকীৰ অনুপস্থিত পত্নী কৌশল্যা ব্ৰহ্মই সাহিত্যিক গৰাকীৰ হৈ বঁটা গ্ৰহন কৰে৷

বঁটাৰ লগতে আছে নগদ এক লাখ টকা, এখন আৰণাই, প্ৰসস্তি পত্ৰ, এটা ছল, এটা স্মাৰক আৰু ফুলৰ থোপা৷ বিশিষ্ট সাহিত্যিক গৰাকীয়ে নিজৰ সাহিত্য সৃষ্টিৰে বড়ো ভাষা সাহিত্যৰ ভৰাললৈ যুগোৱা অৱদানৰ বাবে ১৯৯৪ চনত সোমেশ্বৰী ব্ৰহ্ম সাহিত্য বঁটা, ১৯৯৫ চনত বঙাইগাঁও জিলা বড়ো সাহিত্য সভাৰ মুক্তাৰাম ব্ৰহ্ম সাহিত্য বঁটা, ২০০৯চনত বাইদি ডেংখো বাইদি গাপ কৱিতা পুথিৰ বাবে সাহিত্য অকাডেমী বঁটা, ২০১৩ চনত বিটিচি পৰিষদীয় চৰকাৰৰ প্ৰমোদ চন্দ্ৰব্ৰহ্ম সাহিত্য বঁটাৰ লগতে একেটা বৰ্ষতে বড়ো সাহিত্য সভাৰ পৰা প্ৰবন বৰগয়াৰী সাহিত্য বঁটা লাভ কৰে৷

শনিবাৰে বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইছ শ্ৰাম লাডুসিং, বিশিষ্ট অতিথি হিচাপে বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়ো, সন্মানীয় অতিথি হিচাপে এবছুৰ সভাপতি প্ৰমোদ বড়ো, কোকৰাঝাৰ ইউএন একাডেমিৰ সঞ্চালক কৃষ্ণগোপাল বসুমতাৰী আৰু ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্মৰ লগতে বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।