ডেৰাডুনৰ য়াকু ইণ্ডিয়া ফেডাৰেচন ক্লাৱত উজলিল নলবাৰীৰ যুৱক

 10/27/2019 - 14:52

নলবাৰীঃ উওৰাখণ্ডৰ ডেৰাডুনত অনুষ্ঠিত হোৱা য়াকু ইণ্ডিয়া ফেডাৰেচন ক্লাৱ ২০১৯ ত নলবাৰীৰ নিবিৰে কঢ়িয়াই আনিলে সুনাম। ডেৰাডুনত অনুষ্ঠিত সৰ্বভাৰতীয় খেলখনত কিক্ বক্সিঙত নলবাৰী জিলাৰ বাঁহজানীৰ নিবিৰ ডেকাই ব্ৰঞ্জৰ পদক লাভ কৰি সুনাম কঢ়িয়াই আনিছে অঞ্চলটোলৈ।

নিবিৰৰ এই সাফল্যত উৎসাহী পিতৃ-মাতৃৰ লগতে প্ৰশিক্ষক জয়ন্ত শৰ্মা। উল্লেখ্য যে নলবাৰী জিলাৰ পৰা উক্ত খেলখন লৈ বাঁহজানীৰ নিবিড় ডেকা আৰু পকোৱাৰ জিজ্ঞাসী শৰ্মাই প্ৰতিনিধিত্ব কৰিছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।