অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিশ্বনাথ জিলা সমিতি গঠন

 10/27/2019 - 18:31

বিশ্বনাথ চাৰিআলিঃ দেওবাৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিশ্বনাথ জিলা সমিতিখন নতুনকৈ গঠন কৰা হয়। দেওবাৰে বিশ্বনাথ চাৰিআলি সাহিত্য সভা ভৱনত কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি আব্দুল মুন্নাফ চৌধুৰীৰ সভাপতিত্বত জিলা সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত হয়৷

উক্ত সভাত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আব্দুল আজিজ, সাধাৰণ সম্পাদক আব্দুৰ ৰেজ্জাক, সহকাৰী সাধাৰণ সম্পাদক হিবজুৰ খান উপস্থিত থাকি সাংগঠনিক দিশ আৰু বৰ্তমান অসমৰ বিভিন্ন জলন্ত সমস্যাৰ ওপৰত জাতিৰ এই জটিল সন্ধিক্ষণত শতাধিক ৰাইজৰ উপস্থিতিত সভাৰ সৰ্বসন্মতিমৰ্মে কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি আব্দুল মুন্নাফ চৌধুৰীক সভাপতি, মৌ.আহমদ আলি,আমছেদ আলি, জমিৰ আহমেদ, ছিৰাছ আনচাৰীক উপদেষ্টা হিচাপে লৈ মুঠ ৪৫ জনীয়া এক শক্তিশালী নতুন সমিতি গঠন কৰা হয়।

উল্লেখযোগ্য যে পূৰ্বৰ বিশ্বনাথ জিলা সমিতিখন সংগঠন বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত যোৱা ইংৰাজী ২৯ছেপ্তেম্বৰ তাৰিখে ভংগ ঘোষণা কৰিছিল। ইফালে দেওবাৰৰ এই সাধাৰণ সভাতেই সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আব্দুল আজিজৰ নিৰ্দেশমৰ্মে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে।

সভাই কাজিৰঙা ষষ্ঠ সংযোজনৰ সঠিক সীমা নিৰ্ধাৰণ, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত নোহোৱা বৈধ ভাৰতীয় নাগৰিকসকলক যথোপযুক্ত সহায় সহযোগিতা কৰা, বাল্য বিবাহ বন্ধ কৰা, আৰু শিশু শ্ৰমিক নিয়োগ বন্ধ কৰাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা বুলি সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি আব্দুল আজিজ আৰু সাধাৰণ সম্পাদক আব্দুৰ ৰেজ্জাকে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ বিবৃতিত প্ৰকাশ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।