হাজোৰ টোক্ৰাদিয়াত দীপাৱলীৰ দিনা বৈদ্যুতিক লাইটৰ সলনি মাটিৰ চাকিৰে উজ্বলিল গাঁওখন

 10/28/2019 - 12:55

কামৰূপঃ পোহৰৰ উৎসৱ দীপাৱলী চৌদিশে ৰঙ বিৰঙি লাইটৰ সমাহাৰ। হাজোৰ এখন গাঁও ব্যতিক্ৰম হাজোৰ টোক্ৰাদিয়া গাঁওত গাঁওবাসীয়ে বৰ্জন কৰিলে বৈদ্যুতিক আলোকসজ্যা। ৩ হাজাৰৰ অধিক থলুৱা মৃতশিল্পীয়ে নিৰ্মান কৰা মাটিৰ চাকিৰে উজলাই তুলিলে গাঁওখন। প্ৰতি ঘৰৰ পদূলিৰ লগতে নৈৰপাৰ বাট-পথত সমূহীয়াভাবে ৰাইজে মাটিৰ চাকি জ্বলাই পোহৰাই তুলিলে।

যি সময়ত চীনত নিৰ্মিত ৰঙ বিৰঙি লাইটৰ পোহৰে সমগ্ৰ পৰিবেশ উজ্বলাই ৰাখিছে এনে সময়ত সমগ্ৰ টোক্ৰাদিয়া গাঁওখনত চীনত নিৰ্মিত মাটিৰ বৈদ্যুতিক লাইট বৰ্জন কৰি যি সচেতনতা দেখুৱালে সেয়া স্বাভাৱিকতে প্ৰশংসনীয় হিচাপে বিবেচিত হৈছে। সমান্তৰালকৈ অনুষ্ঠিত হৈছে নামকীৰ্তন সাংস্কৃতিক অনুষ্ঠানো।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।