ঢকুৱাখনাত ৩৫ সংখ্যক মিচিং ভাষা দিৱস আয়োজন

 10/30/2019 - 12:29

ঢকুৱাখনাঃ অসমৰ বিভিন্ন প্ৰান্তৰ দৰে ঢকুৱাখনাতো ৩৫ সংখ্যক মিচিং ভাষা দিৱস আয়োজন। অসমৰ দ্বিতীয় জনগোষ্ঠী হৈছে মিচিংসকল। অসমৰ বিভিন্ন অঞ্চলৰ দৰে ঢকুৱাখনাৰ ভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে ৩৫ সংখ্যক মিচিং ভাষা দিৱস। বুধবাৰে পৰা ঢকুৱাখনাৰ কমান চাপৰিত অৱনৰি বিল্লাম আঞ্চলিকৰ উদ্যোগত ৮ তম দ্বিবাৰ্ষিক অধিৱেশন আৰু মিচিং ভাষা দিৱসটো দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হয়।

আজি প্ৰথমদিনা সাহিত্য শাখাৰ টাবু টাইদৰ ওপৰত কবিতা আবৃত্তি, ঠাইতে লিখা কবিতা, চিত্ৰাংকন, তৰ্ক, ৰচনা লিখাৰ লগতে আতৌ চঃনাম, মিচিং ঐনিতম আৰু গুমৰাগ নৃত্য প্ৰদৰ্শন কৰে। কাইলৈ পুৱা ন বজাত সাংস্কৃতিক শোভাযাত্ৰা, সাংস্কৃতিক প্ৰতিযোগিতাৰ লগতে মুকলি সভা অনুষ্ঠিত হ’ব বুলি উদযাপন সমিতিয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে। উল্লেখযোগ্য যে উক্ত সভাত স্মৃতি গ্ৰন্থ উন্মোচন কৰাৰ লগতে কেইবাগৰাকী গণ্য মান্য ব্যক্তিয়ে মিচিং ভাষা সাহিত্য আৰু সমস্যাৰ ওপৰত মন্তব্য ৰাখিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।