দিন-দুপৰতে ভাড়াঘৰত চিলিং ফেনত ওলমিল সমাজ কল্যাণ বিভাগৰ কৰ্মচাৰী! কিন্তু কিয়? পৰিকল্পিত হত্যা নে আত্মহত্যা? পঢ়ক সবিশেষ!

 10/30/2019 - 13:53

কাছাৰঃ মঙলবাৰে কাছাৰ জিলাৰ কাবুগঞ্জ জনতা কলেজৰ সমীপৰ ভাড়াঘৰত দিন-দুপৰতে সমাজ কল্যাণ বিভাগৰ কৰ্মচাৰী মনোজ কলিতাৰ মৃতদেহ চিলিং ফেনত ওলমি থকা আৱস্থাত উদ্ধাৰ কৰা হয়৷মৃতদেহ দেখি সকলোৰে সন্দেহ ওপজিচে যে এয়া হত্যা নে আত্মহত্যা? কিয়নো বিচনাৰ ওপৰত এখন প্লাষ্টিকৰ চকীৰ লগতে পৰিপাতি অৱস্থাত বিচনা চাদৰো পৰা আছিল৷

আনহাতে মৃতদেহৰ মূৰটো গলধনৰ পিছফালে হালি থকাৰ লগতে আঠু কাঢ়ি বিচনাত বহি থকা অৱস্থাত আছিল৷ 'মনোজ কলিতা' কাছাৰ জিলাৰ নৰসিংপুৰ স্থিত সমাজ কল্যাণ কাৰ্য্যালয়ত পৰিসংখ্যা গাণণিক হিচাপে বিগত ১৯ বছৰ ধৰি কৰ্মৰত আছিল৷

যোৱা কালি ৰাতিপুৱা প্ৰায় ৯ বজাত মনোজ কলিতাই তেওঁ‌ৰ গাওঁ‌ত থকা পৰিয়ালৰ লগত টেলিফোনিক স্বাভাৱিক কথোপকথোন কৰিছিল৷মনোজ কলিতাৰ ঘৰ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত মহিনা গাওঁ‌ত৷বিগত ১৯ বছৰ ধৰি কাছাৰত সেৱা আগবঢ়োৱা মনোজ কলিতাই শাৰিৰীক অসুস্থতাৰ বাবে যোৱা দুবছৰ ধৰি নিকটবৰ্তী জিলালৈ বদলিৰ বাবে বিভাগীয় কৰ্তৃপক্ষক কাকুতি-মিনতি কৰি আহিছিল৷মনোজ কলিতাৰ ঘৰত মাতৃ ,পত্নী আৰু লৰা ছোৱালী দুটা আছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।