মহিলাৰ প্ৰহাৰত ধৰাশায়ী বাজাজ এলায়েঞ্চৰ মেনেজাৰ নৱ কুমাৰ কুলী

 10/30/2019 - 19:53

লখিমপুৰঃ বিধৱা মহিলাৰ স্বামী ইঞ্চুৰেঞ্চৰ ধন মোকলাই দিয়াৰ নামত ধন দাবী কৰা প্ৰৱঞ্চকক আলৈ-আথানি৷ লখিমপুৰৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত বকুলবাৰী গাৱঁৰ ৰাইজে এজন বাজাজ এলায়েঞ্চৰ নামত ধন দাবী কৰা প্ৰৱঞ্চকক আটক কৰি আৰক্ষীক গতাই দিয়ে।

ইঞ্চুৰেঞ্চৰ নামত গাঁওখনৰ প্ৰয়াত ফটিক শইকীয়াৰ বিধৱা পত্নী কবিতা গগৈ শইকীয়াৰ পৰা বন্ধন আৰু আৰ, জি, ভি, এন বিত্তীয় প্ৰতিষ্ঠানৰ ঋণৰ বিপৰীতে প্ৰদান কৰা বীমাৰ ধন উলিয়াই দিয়াৰ নামত, নিজকে বাজাজ এলায়েঞ্চ কোম্পানীৰ তদন্তকাৰী এজেন্টৰ পৰিচয় দি ধেমাজি জিলাৰ জোনাইৰ লাইমেকুৰীৰ নৱ কুমাৰ কুলীয়ে ধন দাবী কৰিছিল।

মুঠ ১২ হাজাৰ টকা ধন দাবী কৰা প্ৰৱঞ্চক জনে ১৫ দিনৰ পূৰ্বে বিধৱা মহিলাগৰাকীৰ পৰা কৌশলেৰে দুই হাজাৰ টকা সৰকাই নিয়াৰ পিছত বাকী থকা ধন নিবলৈ বুধবাৰে মহিলাগৰাকীৰ ঘৰত উপস্থিত হওঁতে, গাৱঁৰ ৰাইজে প্ৰৱঞ্চক জনক কৌশলেৰে আটক কৰি প্ৰথমে বগীনদী শাখাৰ পৰিচালক কেশৱ হাজৰিকাক খবৰ দিয়ে।

এই সন্দৰ্ভত বন্ধন বেংকৰ পৰিচালক আৰু ভূক্তভোগী মহিলাগৰাকীৰ পৰা জানিব পৰা মতে, প্ৰৱঞ্চক ব্যক্তিজনে বিধৱা মহিলাৰ আগত বন্ধন বেংকৰ পৰিচালকজনৰ বিৰুদ্ধে উচটাই নানান চলাহী কথাৰে, বুজন পৰিমাণৰ ধন কুক্ষিগত কৰিবলৈ চেষ্টা কৰিছিল।

কিন্তু বুধবাৰে বন্ধন বেংকৰ পৰিচালকৰ সন্মুখত প্ৰৱঞ্চক জনৰ আচল স্বৰূপ ধৰা পৰাত ৰাইজে আটক কৰি বগীনদী আৰক্ষী থানাত চমজাই দিয়াৰ লগতে বিধৱা মহিলাগৰাকীয়ে বগীনদী আৰক্ষী থানাত ব্যক্তিজনৰ বিৰুদ্ধে গোচৰ তৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।