বাক্সাৰ লাবদাংগুৰীত শ্যামাপূজা

 10/31/2019 - 13:18

খাৰিজা বিজনীঃ ৰাজ্যত অব্যাহত আছে শ্যামাপূজাৰ আনন্দ৷ বিভিন্ন প্ৰান্তৰ লগতে বাক্সাৰ বৃহত্তৰ খাৰিজা বিজনীৰ লাবদাংগুৰীতো ৬৯তম সাৰ্বজনীন শ্যামাপূজা ছয়দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে৷ চতুৰ্থ দিনৰ কাৰ্যসূচী হিচাপে বুধবাৰে আৰতি, ঢুলীয়া প্ৰদৰ্শন, সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত হয়৷

পৰিস্কাৰ পৰিছন্নতাৰ প্ৰতি লক্ষ্য ৰাখি উদযাপন কৰা পূজাথলীত চতুৰ্থ দিনৰ কাৰ্যসূচীত বহু ভক্তৰ সমাগম দেখা যায়৷ উল্লেখ্য যে স্থানীয় প্ৰশাসনৰ সহযোগত ভক্তৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি বিশেষ দৃষ্টি ৰাখে আয়োজক সমিতিয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।