গোসাঁই গাঁওত আৰক্ষীৰ কামাণ্ডো বাহিনীৰ সৈতে উগ্ৰপন্থীৰ সংঘৰ্ষ

 11/01/2019 - 13:18

শ্ৰীৰামপুৰঃ কোকৰাঝাৰ জিলাৰ গোঁসাই গাঁও মহকুমাৰ শৰাইবিল আৰক্ষী চকীৰ অন্তৰ্গত বচাবিল শৰাইবিলি গাঁওত নিশা ৬:৩০ ৰ পৰা ৭:০০ মান বজাৰ ভিতৰত আৰক্ষীৰ বিশেষ কামাণ্ডো বাহিনীৰ সতে হোৱা এক সংঘৰ্ষত দুজন উগ্ৰপন্থী নিহত হয় যদিও বৰ্তমানলৈ চিনাক্তকৰণ হোৱা নাই। উক্ত সংঘৰ্ষত আৰক্ষীৰ বিশেষ কামাণ্ডো বাহিনীয়ে এটা একে চিৰিজৰ ৰাইফল, গুলীবাৰুদ আৰু আপত্তিজনক নথিপত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে।

কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে সদৰি কৰা মতে এক বিশেষ সূত্ৰৰ পম খেদি আৰক্ষীৰ বিশেষ কামাণ্ডো বাহিনীয়ে বচাবিল শৰাইবিলি গাঁওত এম্বুছ কৰিছিল। দুখন মটৰচাইকেলত চাৰিজন সন্দেহযুক্ত উগ্ৰপন্থীয়ে অহা প্ৰত্যক্ষ কৰি কামাণ্ডো বাহিনীয়ে ৰবলৈ সংকেত দিয়ে যদিও উগ্ৰপন্থীয়ে আৰক্ষীৰ বিশেষ কামাণ্ডো বাহিনীলৈ ওলোটাই গুলীচালনা কৰে।

আৰক্ষীৰ বিশেষ কামাণ্ডো বাহিনীয়েও গুলীচালনা কৰিবলৈ বাধ্য হয় আৰু কমেও দহমিনিটমান গুলীচালনাৰ অন্তত আৰক্ষীয়ে দুজন উগ্ৰপন্থীক গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰি গোসাঁই গাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। অৱশ্যে ইয়াৰ মাজতে দুজন উগ্ৰপন্থী মটৰচাইকেল সহিতে পলায়ন কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটা একে চিৰিজৰ ৰাইফল, এখন মটৰচাইকেল, গুলী বাৰুদ আৰু আপত্তিজনক নথিপত্ৰ উদ্ধাৰ কৰিছে। নিহত সন্দেহযুক্ত এনডিএফবি(এচ) উগ্ৰপন্থী দুটাক বৰ্তমানলৈকে চিনাক্ত হোৱা নাই যদিও চিনাক্তকৰণৰ বাবে প্ৰচেষ্ঠা অব্যাহত থকাৰ কথা সদৰি কৰি পলায়ন কৰা উগ্ৰপন্থীৰ সন্ধানত অভিযান অব্যাহত আছে বুলি সদৰি কৰিছে আৰক্ষী অধীক্ষক ৰাজেন সিঙে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।