ধুবুৰীৰ মুখ্য কাৰ্যালয়ত ব্ৰহ্মপুত্ৰ অসমীয়া পৰিষদৰ সংবাদ মেল

 11/02/2019 - 16:14

গৌৰীপুৰঃ ব্ৰহ্মপুত্ৰ অসমীয়া পৰিষদৰ ধুবুৰীৰ মুখ্য কাৰ্যালয়ত কেন্দ্ৰীয় সাধাৰণ সম্পাদক ছেলিম সেখয়ে এখন সংবাদ মেল পাতি ৰাজ্য চৰকাৰক ধিক্কাৰ আৰু সকিয়াই দিয়ে৷ সমগ্ৰ দেশত ৰূপায়ন হৈ থকা মধ্যাহ্ন ভোজন আঁচনি ৰাজ্য চৰকাৰে NGOক গতাই দিয়া কাৰ্যত ব্ৰহ্মপুত্ৰ অসমীয়া পৰিষদে ধিক্কাৰ দিছে৷ ১লাখ ১৭ হেজাৰ মহিলা ৰান্ধনীক চাকৰিৰ পৰা বঞ্চিত কৰাত আৰু ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক কোনোধ্যেই মানি নলয় ব্ৰহ্মপুত্ৰ অসমীয়া পৰিষদে৷ পৰিৱৰ্তনৰ কথা কৈ ক্ষমতাত থকা চৰকাৰৰ বিৰুদ্ধে ব্ৰহ্মপুত্ৰ অসমীয়া পৰিষদৰ অভিযোগ।
কি ৰাজহুৱা স্বাৰ্থত এনজিঅক গতাই দিয়া হ’ল আঁচনিখন৷ ৯০ শতাংশ মহিলা এই আঁচনিখনৰ লগত জড়িত হৈ আছে৷ এই মহিলাসকলক চাকৰিৰ পৰা গুচাই দিয়াৰ বাবে হয়তো আত্ম সমৰ্পণ কৰিবৰ বাবে বাধ্য হ’ব পাৰে৷ অসমৰ অসমীয়া মহিলাসকলৰ উপৰত শোষণ চলোৱা সহ্য কৰা নহ’ব৷ প্ৰতিখন জিলাত হেজাৰ হেজাৰ মধ্যাহ্ন ভোজন ৰান্ধনী কৰ্মী ১০০০ টকা মাহেলী পায়েই সংসাৰ চলাই আছে। এই পৰিৱৰ্তনৰ চৰকাৰখনেই অসমৰ ৰাইজক কৰ্ম সংস্থাপন দিব নোৱাৰে ব্ৰহ্মপুত্ৰ অসমীয়া পৰিষদৰ মন্তব্য।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।