11/02/2019 - 20:34
in
সুখচৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰতো আজি উলহ মালহেৰে উদযাপন কৰিলে ষঠ পূজা। মানকাচৰৰ কালো নৈৰ অশোকা অ্স্টমী মেলা ময়দানত অনুষ্ঠিত কৰে এই পূজা। অজস্ৰ ভক্তপ্ৰাণ লোকে পৰিয়ালৰ কুশল মংগল কামনা কৰি পৰম্পৰাগত নীতি নিয়মৰ মাজেৰে পূজাস্থলীত সূৰ্য্য দেৱতালৈ আগবাঢ়ালে নৈৱেদ্য। নৈৱেদ্য অৰ্পণৰ বাবে সূৰ্যাস্ত পৰ্য্যন্ত লোকাৰণ্য হৈ থাকে পূজাথলী। আজি সূৰ্যাস্ত পৰ্য্যন্ত অব্যাহত থাকে বন্দনা। ভক্তিমূলক গীতেৰে মুখৰিত হৈ পৰে পূজা ক্ষেত্ৰ। দেওবাৰে সূৰ্য্যোদয় লৈকৈ চলিব এই পৰম্পৰাগত পূজা।