বিজনীৰ সুপাৰীগুৰীত টেম্পো দুৰ্ঘটনা

 11/03/2019 - 16:28

বিজনীঃ চিৰাং জিলাৰ বিজনীৰ নিকতবৰ্ত্তী সুপাৰীগুৰীত দেওবাৰে দিনৰ প্ৰায় ১১বজাত টেম্পো এখন দুৰ্ঘটনাত সংঘটিত হয়। ফাগুনাগাঁওৰ পৰা বিজনী অভিমুখে আহি থকা এএচ-১৯চি ২৪৩২ নম্বৰৰ টেম্পোখনে সুপাৰীগুৰীৰ গড়কাপ্তানি পথত ছাগলী এটাক বছাবলৈ যাওঁতেই দুৰ্ঘটনাটো সংঘটিত হয়। ফলত টেম্পোখনত থকা চাৰিগৰাকীকৈ মহিলা যাত্ৰী আহত হয়।

ইয়াৰ ভিতৰত ৰাজমণি দাস গুৰুতৰভাৱে আহত হয়। আহত সকলক ভেটাগাঁও সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় । উল্লেখ্য দুৰ্ঘটনাটো সংঘটিত কৰিয়েই আৰক্ষীক খবৰ দিয়াৰ পৰিৱৰ্তে টেম্পো চালকজনে ৰহস্যজনকভাৱে টেম্পোখন নিজ গৃহলৈ লৈ যায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।