নলবাৰী জিলাৰ বাহঁজানীৰ তিলানা যুৱক সংঘত সাধাৰণ সভা অনুষ্ঠিত

 11/04/2019 - 12:34

নলবাৰীঃ নলবাৰী জিলাৰ বাহঁজানীৰ অন্তৰ্গত তিলানা যুৱক সংঘৰ দেওবাৰে নিশা এখন সাধাৰণ সভা অনুষ্ঠিত হয়। সংঘৰ সভাপতি ধৰণীধৰ তামুলীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক অবনি কলিতাই।

সভাত মিন্টু তামুলী, মোহন কলিতা, লোহিত কলিতা, কুমুদ তামুলী, সহ বহুসংখ্যক ৰাইজ তথা সংঘৰ বিষয়ববীয়া উপস্থিত থাকে। কেইবাজনো জ্যেষ্ঠ আৰু সংঘৰ বিষয়ববীয়াই ভাষন ৰাখি আগন্তুক শিল্পী দিৱস ৰুপালী জয়ন্তী বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰাৰ বাবে পৰামৰ্শ আগবঢ়োৱাৰ লগতে এতিয়াৰ পৰাই প্ৰস্তুতি চলোৱাৰ আহ্বান জনায়।

ইতিমধ্যে সভাপতি শ্ৰী গনেশ তামুলী কাৰ্যকৰী সভাপতি শ্ৰী জীতেন কলিতা, উপ সভাপতি শ্ৰী অতুল কলিতা‌, শ্ৰী যতিন কলিতা, মুখ্য সম্পাদক শ্ৰী দুৰ্গা কলিতা, যুটীয়া সম্পাদক শ্ৰী ভৱেশ কলিতা, শ্ৰী প্ৰকাশ কলিতা, সহকাৰী সম্পাদক শ্ৰী নিহাৰ ভৰালী, শ্ৰী বনজিৎ কলিতা, শ্ৰী ভূদেব কলিতাক লৈ উদযাপন সমিতসহ কেইবাখনো উপসমিতি গঠন কৰা হৈছে।

উল্লেখ্যযে অহা ১৭ আৰু ১৮ জানুৱাৰীত দুদিনীয়াকৈ আয়োজিত শিল্পীদিৱসৰ ৰুপালী জয়ন্তীৰ অন্যতম কাৰ্যসূচী হৈছে পূৰ্ণাংগ নাট মঞ্চস্থ, অসমীয়া গীতৰ আধাৰত একক আধুনিক নৃত্য প্ৰতিযোগিতা আৰু সাংস্কৃতিক সন্ধিয়া হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।